ETV Bharat / state

ভিন্ন কাৰ্যসূচীৰে গোলাঘাটত পালন বিশ্ব শ্ৰৱণ দিৱস

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কৰ্মী সকলৰ উদ্যোগত আজি গোলাঘাটত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব শ্ৰৱণ দিৱস ৷ শ্ৰৱণহীনতাত ভোগা লোকৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৷

author img

By

Published : Mar 3, 2020, 2:22 PM IST

বিশ্ব শ্ৰৱণ দিৱস
বিশ্ব শ্ৰৱণ দিৱস

গোলাঘাট, 3 মাৰ্চঃ আজি গোলাঘাটত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব শ্ৰৱণ দিৱস ৷ বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযানৰ দ্বাৰা গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কৰ্মী সকলৰ উদ্যোগত এক সমদল উলিওৱা হয় ৷ শ্ৰৱণহীনতা যে জীৱনৰ প্ৰতিবদ্ধকতা হ'ব নোৱাৰে সেই উদ্দেশ্যেৰে নগৰ খন মাজেৰে এই সজাগতামূলক সমদল উলিওৱা হয় ৷ এই সমদল উদ্বোধন কৰে গোলাঘাটৰ উপায়ুক্ত বিভাষচন্দ্ৰ মোডীয়ে ৷ সমদলৰ পিচতেই গোলাঘাট নগৰৰ মাজমজিয়াত অনুষ্ঠিত কৰা হয় এখন সজাগতামূলক বাটৰ নাট ৷ উল্লেখ্য যে,শ্ৰৱণহীনতাত ভোগা লোকৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৷

ভিন্ন কাৰ্যসূচীৰে গোলাঘাটত পালন বিশ্ব শ্ৰৱণ দিৱস

লগতে পঢ়কঃ বৰাকৰ পৰা ৰাজ্যসভালৈ এগৰাকী প্ৰতিনিধি দিয়াৰ দাবীত অনশন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.