ETV Bharat / state

আহাৰ মাহতে ঢেঁকীৰ চাবত কঁপিল যোগীবাৰী পৰ্যটন ক্ষেত্ৰ - mrinal saikia

ঢেঁকীৰ শব্দত এতিয়া মুখৰিত খুমটাইৰ ঐতিহাসিক যোগীবাৰী পৰ্যটন ক্ষেত্ৰ ৷ বহাগ অথবা মাঘৰ মাহ নহয় যদিও ঢেঁকীৰ চাবে মুখৰিত কৰিছে গোলাঘাটৰ যোগিবাৰী বিলৰ চৌপাশ ৷ ক্ৰমে হেৰাই যাবলৈ ধৰা এই ঢেঁকীৰ ব্যৱহাৰৰ জৰিয়তে সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে নিজকে স্বাৱলম্বী কৰাৰ এক বিশেষ প্ৰয়াসেৰে আগবাঢ়িছে এদল কৰ্মদ্যোমী মহিলা ৷

women unique step
ঢেঁকীৰ গুম-গুমনিয়ে ৰজনজনাইছে ঐতিহাসিক যোগিবাৰী বিল
author img

By

Published : Jun 28, 2021, 6:22 PM IST

গোলাঘাট, 28 জুন : আহাৰ মাহতে ঢেঁকীৰ শব্দত মুখৰিত খুমটাইৰ ঐতিহাসিক যোগীবাৰী পৰ্যটন ক্ষেত্ৰ । ক্ৰমে হেৰাই যাবলৈ ধৰা এই ঢেঁকীৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ এক বিশেষ প্ৰয়াস অঞ্চলটোৰ 20 গৰাকী মহিলাৰ । আমাৰ পথাৰ, আমাৰ বজাৰ দখলৰ লক্ষ্যৰে যোগীবাৰী বিলতে মহিলা সকলে ঢেঁকীশাল পাতি আৰম্ভ কৰি কৰিছে এটি ক্ষুদ্ৰ উদ্যোগ ৷

বহাগ অথবা মাঘৰ মাহ নহয় যদিও ঢেঁকীৰ চাবে মুখৰিত কৰিছে গোলাঘাটৰ যোগিবাৰী বিলৰ চৌপাশ ৷ ক্ৰমে হেৰাই যাবলৈ ধৰা এই ঢেঁকীৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ এক বিশেষ প্ৰয়াসেৰে আগবাঢ়িছে এদল কৰ্মদ্যোমী মহিলাই ৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ তত্বাৱধানত মহিলা কেইগৰাকীয়ে হাতত লৈছে এই পদক্ষেপ ৷

আহাৰ মাহতে ঢেঁকীৰ চাবত কঁপিল যোগীবাৰী পৰ্যটন ক্ষেত্ৰ

অসমীয়া থলুৱা খাদ্য সম্ভাৰ বজাৰত ঊপলব্ধ কৰিব পৰাকৈ আগবাঢ়ি আহিছে মহিলা সকলে ৷ সান্দহগুৰি, পিঠাগুড়ি, চিৰা আদি ঢেঁকীতে প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা হাতত লৈছে মহিলা সকলে ৷ বিধায়কগৰাকীৰ প্ৰচেষ্টাত সমষ্টিটোৰ মহিলাসকলক স্বাৱলম্বী কৰা আৰু অসমীয়া সমাজৰ অন্যতম সম্পদ ঢেঁকীক সজীৱ কৰি ৰখাৰ প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ৷ মহিলা কেইগৰাকীক উদগণি জনোৱাত স্থানীয় বিধায়ক গৰাকীক ধন্যবাদ জনাইছে উদ্যোগী মহিলা সকলে ৷

লগতে পঢ়ক: আজিও অনিশ্চয়তাত ভূ-স্বৰ্গৰ শান্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.