ETV Bharat / state

ৰাজ্যত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

author img

By

Published : Aug 19, 2019, 1:23 PM IST

ক্ষতিগ্ৰস্ত বাসগৃহ আৰু আহত বৃদ্ধা ৷ গোলাঘাটত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ নগাঁও জিলাতো অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷

ৰাজ্যত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

নগাঁও,গোলাঘাট,19 আগষ্ট: ৰাজ্যত পুনৰ অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ ৷ বিগত প্ৰায় এক সপ্তাহ ধৰি গোলাঘাটত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ নগাঁও জিলাতো অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷

ৰাজ্যত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

উল্লেখ্য যে প্ৰায় সাত দিন মানৰ আগৰে পৰা গোলাঘাটৰ মুৰফুলনীৰ পুৰণিমাটি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বনৰীয়া হাতীৰ এটা জাকে ৷ দেওবাৰে নিশা জাকৰ পৰা ফাটি অহা এটা হাতীয়ে উপদ্ৰৱৰ সৃষ্টি কৰে মুৰফুলনীৰ পুৰণিমাটি অঞ্চলৰে আইমা বৰুৱা নামৰ এগৰাকী বৃদ্ধাৰ বাসগৃহত ৷ হাতীটোৱে বৃদ্ধাগৰাকীৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰাৰ লগতে ঘৰৰ ভিতৰত সোমাই অনিষ্ট কৰে চাউল, ধানৰ লগতে বহু সামগ্ৰী ৷ লগতে ভাঙি অনিষ্ট কৰে বাচন বৰ্তন জাতীয় সকলো সামগ্ৰী। আনহাতে হাতীয়ে আক্ৰমণৰ লক্ষ্যৰে খেদি যোৱাৰ ফলত পলাবলৈ চেষ্টা কৰোতেই পিছলি পৰি গুৰুতৰ ভাৱে আহত হয় আইমা বৰুৱা নামৰ বৃদ্ধা গৰাকী ৷ এনেদৰে এতিয়া প্ৰত্যেক দিনাই অঞ্চলটোত বন্য হস্তীৰ উপদ্ৰপ অব্যাহত আছে যদিও খবৰ দিয়াৰ পিছতো মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকর্মীসকলে হাতী খেদিবলৈ নোযোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

ইফালে সোমবাৰে লাওঁখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই দুটা বনৰীয়া হাতীয়ে জুৰীয়াৰ দগাওঁ আলিটাঙনী বিলত অৱস্থান গ্ৰহন কৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ৷ ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈছে যদিও দ-পিতনিৰ মাজত দুয়োটা হাতীয়ে অৱস্থান গ্ৰহণ কৰাত হাতী খেদাত বিফল হৈছে বিভাগৰ লোক ৷

Intro:Body:জুৰীয়াত বনৰীয়া হাতীৰ অৱস্থান।
আতংকিত গঞা।লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই দুটা বনৰীয়া হাতীয়ে জুৰীয়াৰ দগাওঁ- আলিটাঙনী বিলত অৱস্থান গ্ৰহন কৰাত ৰাইজ আতংকিত হৈ পৰিছে।ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও দ পিতনিৰ মাজত দুয়োটা হাতীয়ে অৱস্থান গ্ৰহন কৰাত হাতী খেদাত বিফল হৈছে বিভাগটো।
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.