ETV Bharat / state

Man Elephant Conflict in Golaghat : গোলাঘাটত বনৰীয়া হাতীৰ উপদ্ৰৱে লৈছে চূড়ান্ত ৰূপ

author img

By

Published : Nov 1, 2022, 1:50 PM IST

গোলাঘাটত হাতী মানুহৰ সংঘাতৰ শিঁহৰণকাৰী দৃশ্য ৷ বনৰীয়া হাতীৰ জাক আৰু মানুহৰ মাজত হোৱা খেদা-খেদিৰ দৃশ্য বন্দী হৈছে কেমেৰাত(Man Elephant Conflict in Golaghat) ৷ ইফালে বনৰীয়া হাতীয়ে প্ৰায়েই বিনষ্ট কৰি আহিছে কৃষিজাত সামগ্ৰী ৷ বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই বন বিভাগে ৷

Man Elephant Conflict in Golaghat
গোলাঘাটত বনৰীয়া হাতীৰ উপদ্ৰৱে লৈছে চূড়ান্ত ৰূপ

গোলাঘাট, 1 নৱেম্বৰ: নুমলীগড়ৰ মৰঙিত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant at Numaligarh)। হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে গোলাঘাট জিলাৰ মৰঙিৰ বিভন্ন অঞ্চলত (Man Elephant Conflict in Golaghat)৷ বন্যহাতীৰ এটা বৃহৎ জাকে নিশাটোৰ ভিতৰতে শ শ বিঘা শালিধানৰ খেতি খাই তহিলং কৰিছে ৷

গোলাঘাটৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মৰঙি ৰাজহচক্ৰৰ অন্তৰ্গত তেলীয়া গাঁও, মিৰিপথাৰ, ধলাকছৰ, পোৰাজংঘল, ফলঙনী, হাবিগাঁও, উদয়ণ, আখৈফুটিয়া, সাৰৰ গাঁও, হালধীবাৰী আদি অঞ্চলত নিশা প্ৰায় অৰ্ধ শতাধিক বনৰীয়া হাতীৰ এটা জাকে ধাৰাবাহিকভাবে কেইবাদিনো ধৰি উপদ্ৰৱ চলাই কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে ৷

ৰাইজে বিভিন্ন কৌশল অৱলম্বন কৰিও হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম হোৱা নাই । আনহাতে বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো উপস্থিত নহয় বন বিভাগৰ লোক ৷ এই বৃহৎ হাতীৰ জাকটো শালিখেতি সঁজাল ধৰাৰ সময়তে আহি খেতি চপোৱাৰ সময়লৈ বিভিন্ন ঠাইত উপদ্ৰৱ কৰে । হাতীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী (Wild elephant free roaming in Golaghat)।

আনহাতে হাতী-মানুহৰ খেদাখেদিৰ শিহৰণকাৰী দৃশ্য আবদ্ধ হৈছে কেমেৰাত (Wild elephant video)। গোলাঘাট জিলাৰ উদয়ণ চাহ বাগিচাত দেখা গ’ল এই শিহৰণকাৰী দৃশ্য । একাংশ যুৱকে বন্যহস্তীৰ সৈতে ল'ৰা ধেমালি কৰা পৰিলক্ষিত হয় । ফলত যি কোনো মূহুৰ্তত ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে ।

হাতীৰ জাকটোক স্থানীয় একাংশ লোকে খেদা-খেদি কৰাৰ ভয়ানক দৃশ্য আৱদ্ধ হৈছে কেমেৰাত । দেখা গৈছে যে হাতীৰ জোকটোৱেও ৰুদ্ৰ ৰূপ ধাৰণ কৰি চোঁচা লৈছে যুৱকৰ দলটোলৈ । ইফালে যুৱকৰ দলটোৱেও খেদি গৈছে হাতীৰ জাকটোক ।

উল্লেখ্য যে, যোৱা কিছুদিন ধৰি বৃহৎ হাতীৰ জাকে খাদ্যৰ সন্ধানত সমগ্ৰ অঞ্চলত বিচৰণ কৰি আছে ৷ নষ্ট কৰিছে বৃহৎ পৰিসীমাৰ খেতি পথাৰত থকা কৃষিজাত সামগ্ৰী ।

লগতে পঢ়ক : Rhinos Roam Free: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাঁৱত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.