ETV Bharat / state

Kaziranga National Park : ভিন্ন প্ৰজাতিৰ কাছই দৃষ্টি কাঢ়িছে কাজিৰঙাৰ পৰ্যটকৰ

author img

By

Published : Dec 4, 2022, 8:22 PM IST

কাজিৰঙালৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে ভিন্ন প্ৰজাতিৰ কাছ (Tortoise in Kaziranga)। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এখন ঠাই কাছৰ বাবে বিশেষভাৱে চৰ্চিত হৈ পৰিছে ।

Kaziranga National Park
ভিন্ন প্ৰজাতিৰ কাছই দৃষ্টি কাঢ়িছে কাজিৰঙাৰ পৰ্যটকৰ

বোকাখাত, 4 ডিচেম্বৰ : জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বিচৰণ ভূমি ৷ বন্যজন্তু,পক্ষী আদিৰ বিচৰণ ভূমি ৰাষ্ট্ৰীয় উদ্যানখন বহু প্ৰজাতিৰ সৰীসৃপৰো আৱাস ভূমি ‌।

গঁড়, হাতীৰ, বাঘৰ পাছতে শেহতীয়াকৈ কাজিৰঙালৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে ভিন্ন প্ৰজাতিৰ কাছ (Tortoise in Kaziranga)। ৰাষ্ট্ৰীয় উদ্যানখনৰ(Kaziranga National Park) কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এটুকুৰা ঠাই কাছৰ বাবে বিশেষভাৱে চৰ্চিত । নদীৰ পাৰত থকা মৰা গছৰ ডালত কাছই ৰ'দ লৈ থকাৰ বিশেষ দৃশ্যই স্বাভাৱিকতে আকৰ্ষিত কৰিছে পৰ্যটকক‌ । যাৰ বাবে এই ঠাই টুকুৰাই নাম পাইছে কাছওলোৱা বা কাছমাৰী হিচাবে ।

সৰু-বৰ কাছবোৰৰ নান্দনিক দৃশ্যই যেন অভিভূত কৰে প্ৰতিগৰাকী পৰ্যটকক ৷ উল্লেখ্য যে বৰ কাছ, ডোৰা কাছকে আদি কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে প্ৰায় ১৭ বিধ প্ৰজাতিৰ কাছ (Species of tortoise)। ইয়াৰে ১৩ বিধ প্ৰজাতি দুষ্প্ৰাপ্য । অসমত যিমান প্ৰজাতিৰ কাছ পোৱা যায় তাৰ সৰ্বাধিক কাছ পোৱা যায় কাজিৰঙাত ।

উল্লেখ্য যে ভাৰতত উপলব্ধ ২৯ বিধ প্ৰজাতিৰ কাছৰ ভিতৰত কেৱল উত্তৰ পূৰ্বাঞ্চলতে ২১ বিধ প্ৰজাতিৰ কাছ পোৱা যায় । আনহাতে তথ্য অনুসৰি কাজিৰঙাত ১৭ বিধ প্ৰজাতিৰেই কাছৰ বিচৰণ দেখা যায় ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত কাছক লৈও ইতিমধ্য কৰা হৈছে বহু গৱেষণা ।

লগতে পঢ়ক : Gandhi Fagla Released: উন্মোচনৰ পূৰ্বেই বহুচৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.