ETV Bharat / state

জন আশীৰ্বাদ যাত্ৰাত ৰাইজে স্বতঃস্ফুৰ্তভাৱে সহযোগ কৰিছে : সৰ্বানন্দ সোণোৱাল - অসমত উপস্থিত সৰ্বানন্দ সোণোৱাল

দেওবাৰে বোকাখাতত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) ৷ দিনটো ‘জন আশীৰ্বাদ যাত্ৰা’(Jan Ashirbad Yatra)ৰ অন্তত বোকাখাতত নৈশ আহাৰ গ্ৰহণ কৰি সাংবাদিকক কি ক’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ?

sarbananda sonowal at bokakhat
বোকাখাতত সৰ্বানন্দ সোণোৱাল
author img

By

Published : Aug 23, 2021, 12:24 PM IST

বোকাখাত, 23 আগষ্ট : দেওবাৰৰ দিনটোৰ ‘জন আশীৰ্বাদ যাত্ৰা’(Jan Ashirbad Yatra)ৰ অন্তত বোকাখাতত নৈশ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) ৷ প্ৰায় 10-12 বিধ থলুৱা খাদ্য সম্ভাৰ যেনে-গৰৈ মাছৰ পোৰা, কচু পিতিকা, লোকেল মুৰ্গী, গাহৰি মাংসৰে নৈশ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

বোকাখাতত কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Modi) উন্নয়নৰ ক্ষেত্ৰত দেশখনক ক্ষীপ্ৰতাৰে আগুৱাই নিছে ৷ মূল্যবোধৰ আধাৰত প্ৰশাসন যন্ত্ৰক শক্তিশালী ৰূপত গঢ় দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে প্ৰধানমন্ত্ৰী মোদীক আৰ্শীবাদ কৰিছে । এই জন আৰ্শীবাদ যাত্ৰাত জনসাধাৰণক ক’ভিডৰ(Covid) সকলো নীতি-নিয়ম মানি চলি সহযোগিতা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী সোণোৱালে ৷

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰলৈ অসমৰ মাটিত সৰ্বানন্দ সোণোৱাল

শনিবাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) । উপস্থিত হৈয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেওবাৰে উজনিমুৱা হৈ বিভিন্ন স্থানত জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰে ৷

সম্পূৰ্ণ ক’ভিড প্ৰট’কল (Covid Protocol) মানি চলি 21 আগষ্টৰ পৰা 23 আগষ্ট অৰ্থাৎ সোমবাৰলৈ অনুষ্ঠিত হ’ব এই আশীৰ্বাদ যাত্ৰা ৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ মুঠ 18 টা স্থানত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ এই যাত্ৰা গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ মাজেৰে আগবাঢ়িব ৷ সমগ্ৰ যাত্ৰাই সামৰি ল’ব মুঠ 375.5 কিল’মিটাৰ পথ ৷

লগতে পঢ়ক: বটদ্ৰৱা থানত সেৱা ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.