গোলাঘাট, 1 জুলাইঃ কৰ'ণা প্ৰতিহত কৰাৰ উদ্দেশ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা উলংঘনৰ অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ দুখন দোকানৰ বিৰুদ্ধে ৷ বোৱাৰী নামৰ কাপোৰৰ দোকানখনৰ লগতে এখন পাণৰ দোকান সম্প্ৰতি আছে কণ্টেইনমেন্ট জ'নৰ ভিতৰত ৷ তৎসত্বেও তেওঁলোকে এনে পৰিস্থিতিৰ মাজতো দোকান খোলাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন লোকে ৷
যাৰ বিৰুদ্ধে কঠোৰ হৈছে গোলাঘাট প্ৰশাসন ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বুধবাৰে প্ৰশাসনে দুয়োখন দোকান ছীল কৰি দিয়ে ৷ ইয়াৰোপৰি দুয়োখন দোকানৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছে গোলাঘাট প্ৰশাসনে ৷
লগতে পঢ়কঃ COVID-19 : অসমৰ বৰ্তমানৰ পৰিস্থিতি !