ETV Bharat / state

আপোন ঘৰখন হেৰুৱাই কান্দোনত ভাঙি পৰিছে অসহায় মহিলা

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:29 PM IST

Family conflict in Sarupathar : সন্মুখত আপোন ঘৰটোৰ ভগ্নাংশ লৈ কান্দিছে দুগৰাকী মহিলাই ৷ সম্পৰ্কীয় লোকে দখলৰ চেষ্টাৰে ঘৰখন ভাঙি পেলোৱাৰ পাছতে স্বাভাৱিকতেই ভাঙি পৰিছে মহিলা দুগৰাকী ৷

sarupathar news
আপোন ঘৰখন হেৰুৱাই কান্দোনত ভাঙি পৰিছে অসহায় মহিলা
আপোন ঘৰখন হেৰুৱাই কান্দোনত ভাঙি পৰিছে অসহায় মহিলা

সৰুপথাৰ, ২৭ ডিচেম্বৰ : নিজৰ ভঙা ঘৰৰ সন্মুখত উপস্থিত হৈ কান্দোনত ভাঙি পৰিছে দুগৰাকী মহিলা । আপোন ঘৰখন মুহূৰ্ততে নাইকিয়া হোৱাৰ ঘটনাই মনত কিমান আঘাত দিব পাৰে ভুক্তভোগী দুগৰাকী মহিলাই বাৰুকৈয়ে অনুভৱ কৰিছে । উল্লেখ্য যে, সৰুপথাৰত দুগৰাকী বিধৱা মহিলা ঘৰ-মাটি বেদখল কৰাৰ চক্ৰান্তৰ বলি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ মহিলা দুগৰাকীয়ে বসবাস কৰা ঘৰখন মঙলবাৰে সন্ধিয়া সম্বন্ধীয় লোকে এখন বুলড’জাৰ লগাই ভাঙি চুৰমাৰ কৰি লণ্ডভণ্ড কৰি থৈ যোৱা ঘটনাই সৰুপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

সৰুপথাৰ নগৰৰ ১০ নং ৱাৰ্ডৰ ২ নং চতিয়নীত সংঘটিত হয় এই ঘটনা । আৰতি দে’ (৬২) আৰু লক্ষীমণি দে’ (৫৮) নামৰ দুগৰাকী বিধৱা মহিলাই বসবাস কৰিছিল ঘৰটোত । মঙলবাৰে মহিলা দুগৰাকী চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ গৈছিল । মহিলা দুগৰাকী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি সম্বন্ধীয় লোকে সন্ধিয়া এখন বুলড’জাৰৰ সহায়ত বিধৱা মহিলা দুগৰাকীৰ ঘৰটো ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ঘৰ ভঙাৰ খবৰ লাভ কৰি ডিব্ৰুগড়ৰ পৰা আহি সৰুপথাৰ আজি পুৱা উপস্থিত হয় মহিলা দুগৰাকী । সম্বন্ধীয়ই মাটি বেদখল কৰাৰ চক্ৰান্ত কৰি ঘৰ ভাঙি বয়-বস্তু লুটপাট কৰে বুলি অভিযোগ উত্থাপন কৰিছে মহিলা দুগৰাকীয়ে ।

সম্বন্ধীয় অমৃত বৰঠাকুৰ আৰু সুস্মিতা বৰঠাকুৰ এই কাৰ্যৰ লগত জড়িত বুলি ভুক্তভোগী মহিলা দুগৰাকীয়ে অভিযোগ উত্থাপন কৰি ইতিমধ্যে সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ইফালে সম্প্ৰতি আশ্ৰয়স্থলৰ অভাৱত আছে মহিলা দুগৰাকী । ইফালে ইতিমধ্য ভাঙি পেলোৱা ঘৰখনতে বাস কৰিছিল ছাত্ৰ ৰজত দাসে ৷ ঘৰখন ভাঙি পেলোৱাৰ ফলত সকলো কিতাপ-পত্ৰ, নথি-পত্ৰ বিচাৰি হায়ৰাণ হৈছে ছাত্ৰগৰাকী ।

লগতে পঢ়ক: অবৈধ পলস খননে আকৌ বিপদ মাতিছে ৰহমৰীয়ালৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.