ETV Bharat / state

বোকাখাতৰ ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ: ব্যাহত যাতায়ত ব্যৱস্থা

author img

By

Published : Jun 28, 2022, 6:38 PM IST

বোকাখাতত হঠাতে ৰাজপথৰ মাজতে বাগৰি পৰিল প্ৰকাণ্ড গছ ৷ ফলত এখন বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে বহুসময় ধৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা (Tree falls on NH37 in Bokakhat)৷

Tree falls on NH37 in Bokakhat
বোকাখাতৰ ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ: ব্যাহত যাতায়ত ব্যৱস্থা

বোকাখাত, 28 জুন: মঙলবাৰে বোকাখাতৰ ব্যস্ত ৰাজপথৰ মাজতে উভালি পৰিল গছ ৷ এজোপা প্ৰকাণ্ড গছ উভালি পৰিল ৰখাই থোৱা বাহনৰ ওপৰত ৷ নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰিল বহু লোক ৷ বোকাখাতৰ সাপজুৰিত সংঘটিত হয় এই ঘটনা (Tree falls on NH37 in Bokakhat) ৷

পথৰ কাষত থকা এডাল প্ৰকাণ্ড জৰি গছ হঠাৎ উভালি পৰে এখন ৰখাই থোৱা এখন বলেৰ' গাড়ীৰ ওপৰত ৷ ফলত বাহনখনৰ ক্ষতিসাধন হয় ৷ এই ঘটনাত কোনো লোকৰ হতাহত হোৱা নাই ৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গছজোপা বাগৰি পৰাৰ ফলত প্ৰায় দুঘন্টা সময় উজনি-নামনিৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে ৷ পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষী, বন বিভাগ, এচ ডি আৰ এফৰ লোকৰ লগতে স্থানীয় ৰাইজৰ সহযোগত পথটো মুকলি কৰা হয় ৷

উল্লেখ্য যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহৎ আকাৰৰ বহু পুৰণি গছ আছে ৷ বয়স উকলি যোৱা এই গছসমূহ কাটি পেলোৱাৰ বাবে স্থানীয় লোকে বন বিভাগক লিখিতভাৱে আবেদন-নিবেদন কৰি আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব আৰোপ কৰা নাই (Old tree beside NH37 in Bokakhat) ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে হাউলি থকা এইসমূহ গছ কাটি নেপেলালে এদিন যে ইয়াতকৈও ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক: Assam flood : বানাক্ৰান্তক উদ্ধাৰৰ বাবে ক্ৰয় কৰা হ'ব ৫০খন অত্যাধুনিক নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.