গোলাঘাট, 10 জুনঃ গোলাঘাটত চোৰাং কাঠ ভৰ্তি বলে'ৰ পিকআপ জব্দ । গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় অন্তৰ্গত গোলাঘাট এৰেঙ্গাপাৰৰ সমীপত কাঠ ভৰ্তি গাড়ীখন জব্দ কৰে আঞ্চলিক বন বিষয়াই । চোৰাং কাঠ সমূহ কাৰ্বি আংলং জিলাৰ পৰা গোলাঘাটলৈ আনি থকা অৱস্থাত বন বিভাগে গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত জব্দ কৰিবলৈ সক্ষম হয় ।
নঠি-পত্ৰ বিহীন AS 01L C3454 নম্বৰৰ বলে'ৰ পিকআপ খনৰ পৰা খকন আৰু চাম কাঠৰ 24 টুকুৰা প্ৰায় 40-50 Cft কাঠ জব্দ কৰে। উল্লেখযোগ্য যে, কাষৰীয়া কাৰ্বি আংলং জিলাৰ সীমান্ত বগীজানৰ পৰা গোলাঘাট সংযোগী পথেৰে এতিয়া দৈনিক পাৰ হয় চোৰাং কাঠ ভৰ্তি বাহন । বগীজান থানা আৰু মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ সন্মুখেদি দিন দুপৰতে পাৰ হয় চোৰাং কাঠ ভৰ্তি বাহন সমূহ। একেটা অঞ্চলতে কেইদিনমান পূৰ্বে চোৰাং কাঠ ব্যৱসায়ীয়ে বনকৰ্মীক আক্ৰমণ কৰি আহত কৰিছিল ।
লগতে পঢ়কঃ তৈল খাদৰ জুই বিয়পিব পাৰে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ