ETV Bharat / state

গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চোৰৰ পলায়ন - গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চোৰৰ পলায়ন

গোলাঘাট নগৰৰ কেইবাটাও চুৰি ঘটনাৰ লগত জড়িত গভাইত চোৰ চাফিজুল আলিক ২০ আগষ্টত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷তদুপৰি চোৰটোৰ পৰা আৰক্ষীয়ে সোণ, ৰূপৰ অলংকাৰ,নগদ ধনৰ উপৰি বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰো কৰিছিল।

The thief escaped from the Kushal Konwar civilian hospital at  Golaghat
গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চোৰৰ পলায়ন
author img

By

Published : Aug 23, 2020, 10:38 AM IST

গোলাঘাট, 23আগষ্টঃ গোলাঘাটত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অঘটন ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে চোৰে ৷ জানিব পৰা মতে, বেমাৰৰ ভাও ধৰি চিকিৎসাধীন হৈ আছিল চাফিজুল আলি নামৰ এটা গভাইত চোৰ ৷ চিকিৎসালয়খনৰ কয়দী ৱাৰ্ডৰ পৰা শৌচ কৰিবলৈ গৈ আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে ৷ উল্লেখযোগ্য যে, গভাইত চোৰটোক আৰক্ষীৰ লোকে নিজেই শৌচগাৰলৈ নিছিল ৷ কিন্তু চতুৰ চাফিজুলে শৌচগাৰৰ বাহিৰত আৰক্ষীৰ জোৱান ৰৈ থকা অৱস্থাতো অতি কৌশলেৰে শৌচাগাৰৰ টিং এৰুৱাই ওপৰেদি পলায়ন কৰে ।

গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চোৰৰ পলায়ন

উল্লেখযোগ্য যে, গোলাঘাট নগৰৰ কেইবাটাও চুৰি ঘটনাৰ লগত জড়িত গভাইত চোৰ চাফিজুল আলিক ২০ আগষ্টত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ তদুপৰি চোৰটোৰ পৰা আৰক্ষীয়ে সোণ, ৰূপৰ অলংকাৰ, নগদ ধনৰ উপৰি বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰো কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰি অধিক তদন্তৰ বাবে নিজৰ জিম্মাত ৰাখিছিল ।

ইপিনে, গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা অপৰাধী পলায়ন কৰা এইটোৱেই প্ৰথম ঘটনা নহয় । আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিছে চোৰ তথা ডকাইতে ৷ এতিয়া প্ৰশ্ন হয়, এনেবোৰ ঘটনাৰ পিছত কেতিয়া সৰৱ হ'ব গোলাঘাট আৰক্ষী ?

লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.