ETV Bharat / state

স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও - চৰকাৰী উন্নয়ন মূলক আঁচনি

দেশৰ উন্নয়নৰ লগতে জনতাৰ উন্নয়ন । এই উন্নয়নৰ শ্ল'গানেৰে স্বাধীনতাৰ পিছত বহু ৰাজনৈতিক দলে বহিল দেশৰ শাসনৰ গাদীত । দেশৰ স্বাধীনতাৰ পিছৰ এই সময়ছোৱাত বিভিন্ন অঞ্চল সমূহৰ উন্নয়ন হোৱাৰ বিপৰীতে বহু অঞ্চলত আজি পৰ্যন্ত কিন্তু উন্নয়নৰ আন এখন ছবিহে দেখিবলৈ পোৱা গ'ল । এনে বহু অঞ্চল আছে য'ত স্বাস্থ্য, শিক্ষা, যাতায়াত তথা বিদ্যুতৰ সুবিধা নহ'ল আজি পৰ্যন্ত ।

There is no development in a village even after independence
স্বাধীনতাৰ ৭৩বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও
author img

By

Published : Aug 10, 2020, 11:46 PM IST

গোলাঘাট, ১০ আগষ্ট: আধুনিকতাৰ পৰশ নপৰা এখন গাঁও । লগতে উন্নয়নৰ মুখ দেখিবলৈকো সৌভাগ্যবান নহ'ল গাঁওবাসী সকল । গাঁওখনৰ নাম হৈছে ফলঙনী গাঁও । যিখন গাঁৱত আজি পৰ্যন্ত পৰা নাই বিদ্যুতৰ পোহৰ, নাই এটা সুচল পথ অথবা বিশুদ্ধ খোৱাপানীৰ ব্যবস্থা ।

There is no development in a village even after independence
স্বাধীনতাৰ ৭৩বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও

গাঁওখন হৈছে গোলাঘাট সদৰৰ পৰা মাত্ৰ ১৮ কিলোমিটাৰ নিলগৰ ৮০ টা পৰিয়ালে বসবাস কৰা মৰঙি মৌজাৰ ফলঙনী গাঁও ৷ চৰকাৰক আবেদন নিবেদন কৰি দশকৰ পিছত দশক কোনো সুফল নাপালে গাঁওবাসীয়ে ।

দুৰ্ভগীয়া গাওঁবাসীক চুব পৰা নাই কোনো চৰকাৰী উন্নয়নমূলক আঁচনিয়েও । চৰকাৰৰ দৃষ্টিত আজি পৰ্যন্ত ধৰা নপৰা গাঁওবাসীয়ে নিজৰ ক্ষোভ উজাৰি কৈ গ'ল তেওঁলোকৰ দূৰ্দশাৰ কথা ।

নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে দি যায় অলেখ প্ৰতিশ্ৰুতি । গাদী দখলৰ পাছতে এই প্ৰতিশ্ৰুতি বোৰ হয়গৈ ফুটুকাৰ ফেন । সেয়েহে এইবাৰ গাঁওবাসী হৈছে অধিক সতৰ্ক । আগন্তুক বিধান সভাৰ নিৰ্বাচনত ভোট বৰ্জন কৰিব গাওঁবাসীয়ে । দেশে স্বাধীনতাৰ ৭৩ বছৰ গৰকাৰ পিছতো একাংশ গ্ৰাম্যাঞ্চলৰ এনে অৱস্থাই সেই গাঁও সমূহত বসবাস কৰা গাঁওবাসীক ভাবিবলৈ বাধ্য কৰায়, সঁচাকৈয়ে আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক নে !

লগতে চাওক-বৈঠালাংছ'ত বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 4

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.