ETV Bharat / state

Assam Youth Olympic 2022: মল্লযুদ্ধত 10 টাকৈ পদক আজুৰিলে বোকাখাত মল্লযুদ্ধ সন্থাই - অসম যুৱ অলিম্পিক 2022

সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত (Assam Youth Olympic 2022) মল্লযুদ্ধত 10 টাকৈ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে বোকাখাত মহকুমা মল্লযুদ্ধ সন্থাৰ খেলুৱৈয়ে (Bokakhat Sub Division Wrestling Association won 10 medals)৷

Bokakhat Sub Division Wrestling Association won 10 medals in Assam Youth Olympic 2022
মল্লযুদ্ধত 10 টাকৈ পদক আজুৰিলে বোকাখাত জিলাই
author img

By

Published : Jul 30, 2022, 12:24 PM IST

Updated : Jul 30, 2022, 2:54 PM IST

বোকাখাত, 30 জুলাই : সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত (Assam Youth Olympic 2022) মল্লযুদ্ধত 10 টাকৈ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে বোকাখাত মহকুমা মল্লযুদ্ধ সন্থাৰ খেলুৱৈয়ে (Bokakhat Sub Division Wrestling Association won 10 medals) ৷

মল্লযুদ্ধত 10 টাকৈ পদক আজুৰিলে বোকখাত মল্লযুদ্ধ সন্থাই

22 জুলাইৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত হোৱা এই অসম যুৱ অলিম্পিকত মল্লযুদ্ধ প্ৰতিযোগিতাত বোকাখাতৰ 4 গৰাকীয়ে সোণৰ পদক, 3 গৰাকীয়ে ৰূপৰ পদক আৰু 3 গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় (Bokakhat Wrestling Association won 10 medals) ৷

45 কিলোত জিণ্টু পেগু, 48 কিলোত ভাস্কৰ পাটগিৰি, 71 কিলোত বসন্ত পাটগিৰি আৰু ৫৫ কিলোৰ শাখাত অপূৰ্ৱ দাসে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ 43 কিলোৰ শাখাত সুমিতা পেগুৱে ৰূপৰ পদক, 51 কিলোৰ শাখাত অপূৰ্ৱ নাথে ৰূপৰ পদক আৰু 60 কিলোৰ শাখাত ভীমকান্ত চিন্তেই ৰূপৰ পদক লাভ কৰে ৷

ঠিক একেদৰে 65 কিলোৰ শাখাত চন্দন শৰ্মা, 49 কিলোৰ শাখাত সেৱিকা শইকীয়াই ব্ৰঞ্জৰ পদক আৰু 46 কিলোৰ শাখাত মঞ্জুমালা কাৰ্ডঙে ব্ৰঞ্জৰ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনে ৷

উল্লেখ্য যে মল্লযুদ্ধৰ প্ৰশিক্ষণৰ বাবে যেনেদৰে সা-সুবিধা লাভ কৰিব লাগিছিল সেইদৰে খেলুৱৈ সকলে সুবিধা লাভ কৰা নাই ৷ মল্লযুদ্ধৰ প্ৰশিক্ষণ বা প্ৰতিযোগিতাৰ বাবে 72 খন মেটৰ প্ৰয়োজন হয় যদিও বোকাখাতৰ এইসকল খেলুৱৈয়ে 13 খন ফাটি-ছিটি যোৱা মেটতে প্ৰশিক্ষণ লৈ ৰাজ্যিক পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে ৷

বোকাখাতৰ দৰে এখন সৰু চহৰৰ ভিতৰুৱা গাঁৱৰ এইসকল খেলুৱৈয়ে যদি সঠিক সুবিধা লাভ কৰে তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়তো এইসকল খৈলুৱৈ উজলিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে গোলাঘাট জিলা মল্লযুদ্ধ সন্থাৰ বিষয়ববীয়াসকলে ৷ এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক, কৃষিমন্ত্ৰী তথা বোকাখাত জিলা ক্ৰীড়া সন্থাৰো সভাপতি অতুল বৰাক (Minister Atul Bora) এইসকল খেলুৱৈৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে বোকখাত মল্লযুদ্ধ সন্থাই ৷

শনিবাৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা 10 গৰাকী খেলুৱৈক গোলাঘাট জিলা মল্লযুদ্ধ সন্থাই বোকাখাত ৰাজহুৱা খেলপথাৰত সম্বৰ্ধনা জনায় (Bokakhat Wrestling Association felicitated wrestlers)৷ এই সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট জিলা মল্ল যুদ্ধ সন্থাৰ সভাপতি নৈতিক বৰগোহাঁই, সহকাৰী সম্পাদক বিজয় ফুকন, প্ৰশিক্ষক অনুস্তপ নৰহ আৰু পাপু চাওতাল উপস্থিত থাকি খেলুৱৈসকলক উৎসাহ প্ৰদান কৰে ৷

লগতে পঢ়ক: Assam Youth Olympic Games: প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল অসম যুৱ অলিম্পিক

Last Updated : Jul 30, 2022, 2:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.