গোলাঘাট, 21 মাৰ্চঃ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত, গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আইচ'লেশ্যল ৱাৰ্ডত ভৰ্তি লণ্ডনৰ পৰা অহা এজন যুৱকক ৷ যোৱা দুবছৰ ধৰি শিক্ষা গ্ৰহণৰ বাবে লণ্ডনত থকা যুৱকজন কালি লণ্ডনৰ পৰা দেৰগাঁৱৰ নিজা ঘৰলৈ উভতি অহাৰ পিচতে নিশা তেওঁ নিজেই গৈ চিকিৎসালয়খনত ভৰ্তি হয় ৷ যুৱকজনৰ দেহত কৰ'ণাৰ উপস্থিতি পৰীক্ষা কৰিবলৈ তেজৰ নমুনা সংগ্ৰহ কৰিছে চিকিৎসকে ৷
আনহাতে এই ৰোগ সম্পৰ্কত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এক জৰুৰী সভা অনুষ্ঠিত হয় ৷ সভাৰ অন্তত গোলাঘাট মহকুমা স্বাস্থ্য বিভাগৰ দায়িত্ব থকা ডাঃ পি উদয় প্ৰবীণে সংবাদ মাধ্যমৰ আগত কৰ'ণাৰ বিৰুদ্ধে যুজঁ দিবলৈ সষ্টম হৈ থকা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে স্বাস্থ্য বিভাগৰ পৰা জিলাখনলৈ বিভিন্ন ৰাজ্য আৰু দেশৰ বাহিৰৰ পৰা অহা সকলো লোকৰ ওপৰত নজৰ ৰখা হৈছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ বিশ্বজুৰি ক‘ৰণাতংকঃ দৈনিক আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত সহস্ৰাধিক লোক, শতাধিক হাৰত মৃত্যু