গোলাঘাট, 20 আগষ্টঃ গোলাঘাট জিলাৰ ডেকা দোলাকাষৰীয়া গাঁৱত মাতৃ বিয়োগ হোৱা 16 দিন যোৱাৰ পাছতো প্ৰেত কৰ্ম কৰিব পৰা নাই এটা পৰিয়াল ৷ অৱশেষত উদ্ধাৰৰ বাবে পৰিয়ালটো কাষ চাপিছে আৰক্ষী আৰু সাংবাদিকৰ ।
পুনৰ এলান্ধু কলীয়া নীতি নিয়মৰ গ্ৰাসত গোলাঘাটৰ এখন গাওঁ। মাতৃ বিয়োগ হোৱা 16 দিন পাৰ হৈ যোৱাৰ পাছতো প্ৰেত কৰ্ম কৰিব পৰা নাই গাঁওখনৰ এটা পৰিয়ালে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ ডেকা দোলাকাষৰীয়া গাওঁত। গাওঁখনৰ মনোজ গগৈ নামৰ এই ব্যক্তিজনৰ মাতৃ বিয়োগ হোৱা আজি 16 দিন পাৰ হ'ল। কিন্তু মাতৃৰ বিয়োগৰ পাছত এতিয়া তিলনী,দহা,কাজ একোৱেই কৰিব পৰা নাই মনোজ গগৈয়ে। কাৰণ সুৰা বিক্ৰী কৰাৰ বাবে মনোজ গগৈক গাঁওখনৰ সমাজে এঘৰীয়া কৰি থৈছে। মাতৃৰ বিয়োগৰ পাছত প্ৰেত কৰ্ম কৰিবৰ বাবে পুত্ৰ মনোজ গগৈয়ে সমাজৰ মুৰব্বীক বহু খাটনি ধৰিছিল। কিন্তু 20 হাজাৰ টকা জৰিমনা নিদিয়া পৰ্যন্ত মনোজ গগৈয়ে কোনো কৰ্ম কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে সমাজৰ মুৰব্বীয়ে। এতিয়া চকুত চকুলো লৈ মনোজ আৰু তেওঁৰ পত্নী উদ্ধাৰৰ বাবে কাষ চাপিছে আৰক্ষী আৰু সাংবাদিকৰ। সমাজ খনৰ এই কঠোৰ নিয়ম কিন্তু সমৰ্থন কৰা নাই একাংশ সচেতন লোকে। এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ হাহাকাৰ অৱস্থা। কেনেকৈ উদ্ধাৰ হ'ব মাতৃৰ কৰ্মৰ পৰা । উল্লেখ্য যে, ডেকা দোলাকাষৰীয়া গাঁৱত অবৈধ সুৰা বিক্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাও একপ্ৰকাৰ আদৰণীয়।