ETV Bharat / state

অনলাইন ক্লাছৰ তুলনাত অফলাইন ক্লাছ কৰি অধিক সুখী ছাত্ৰ-ছাত্ৰী

author img

By

Published : Sep 6, 2021, 3:47 PM IST

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ক'ভিড নীতি নিয়ম মানি সোমবাৰে খুলি দিয়া হ’ল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ বহুদিনৰ বিৰতিৰ পাছত সহপাঠীসকলক লগ পাই আনন্দিত হৈ পৰিছে শিক্ষাৰ্থী সকল ৷ অনলাইন ক্লাচতকৈ অফলাইন ক্লাছৰ গুৰুত্ব অধিক বুলি একে মুখে ব্যক্ত কৰিলে বহু ছাত্ৰ-ছাত্ৰীয়ে ৷

students-saying-they-are-more-interested-in-offline-class-than-online
অনলাইন ক্লাছৰ তুলনাত অফলাইন ক্লাছ কৰি অধিক সুখী ছাত্ৰ-ছাত্ৰী

বোকাখাট, 6 ছেপ্টেম্বৰ : দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সোমবাৰৰ দিনটোত ক'ভিডৰ নীতি-নিয়ম সমূহ পালন কৰি ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয় সমূহ পুনৰ খুলি দিয়া হ’ল । সোমবাৰৰে পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান বহু দিনৰ বিৰতিৰ পাছত ক'ভিড নীতি নিয়ম অৱলম্বন কৰি আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । এই উপলক্ষে পুনৰ ছাত্ৰ-ছাত্ৰীৰ কোলাহলত মুখৰিত হোৱা দেখা গৈছে ৰাজ্যৰ সকলো প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয় সমূহ ।

ৰাজ্যৰ আন প্ৰান্তৰ দৰেই বোকাখাত জে ডি এছ জি মহাবিদ্যালয়তো সোমবাৰে অনুৰূপ পৰিৱেশ দেখা পোৱা গ’ল । চৰকাৰে বান্ধি দিয়া ক'ভিড নীতি নিয়ম পালন কৰি 6 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰৰে পৰা মহাবিদ্যালয়খনত নিয়মীয়া পাঠদান পুনৰ আৰম্ভ হোৱা দেখা গৈছে । উল্লেখযোগ্য যে, মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ভেকচিন লোৱা শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী সকলক হে মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰলৈ সোমাবলৈ অনুমতি প্ৰদান কৰিছে ৷

ইয়াৰ লগতে পাঠদানৰ পূৰ্বেই মহাবিদ্যালয়খনৰ শ্ৰেণী কোঠা, কাৰ্যালয়, প্ৰাংগণ আদি সকলো সম্পূৰ্ণভাৱে চেনিটাইজ কৰি সাজু কৰি তোলা হৈছিল । কেৱল ইমানেই নহয়, মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ ছাত্ৰী সকলক হেণ্ড চেনিটাইজ কৰোৱা হৈছে ৷ ছাত্ৰ-ছাত্ৰী সকলেও মুখত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মনাৰ লগতে সকলো ক’ভিড বিধি অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

স্মৰ্তব্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা প্ৰায় ৬ টা মাহ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল ৷ ক'ভিডৰ প্ৰকোপ কিছু কমাৰ পাছত ৰাজ্য চৰকাৰে শিথিলতা আনি খুলি দিছে শিক্ষানুষ্ঠানসমূহ ৷ অৱশ্যে দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়তহে শ্ৰেণীসমূহ আৰম্ভ হৈছে এই পাঠদান ৷ বোকাখাতৰ অগ্ৰণী শিক্ষানুষ্ঠান জে ডি এচ জি মহাবিদ্যালয়তো সোমবাৰৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাত অনলাইন ক্লাচতকৈ অফলাইন ক্লাচৰ গুৰুত্ব যে অধিক সেই কথা ব্যক্ত কৰিলে বহু ছাত্ৰ-ছাত্ৰীয়ে ৷

লগতে পঢ়ক : কেতিয়াকৈ হ’ব স্থানীয় ৰে’লৰ চলাচল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.