ETV Bharat / state

Student Goes Missing: বৰপথাৰত প্ৰাত:ভ্ৰমণলৈ গৈ সন্ধানহীন সপ্তম মানৰ ছাত্ৰ

পুৱা খোজ কাঢ়িবলৈ ওলাই গৈছিল টেঙাপানীৰ ছাত্ৰগৰাকী । তেতিয়াৰ পৰাই সন্ধান নাই সপ্তমমানৰ ছাত্ৰগৰাকীৰ (Student missing from November 27 at Dhansiri)। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

author img

By

Published : Dec 2, 2021, 4:15 PM IST

Student missing
বৰপথাৰত প্ৰাত:ভ্ৰমণলৈ গৈ সন্ধানহীন সপ্তম মানৰ ছাত্ৰ

সৰুপথাৰ,২ ডিচেম্বৰ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত নিৰুদ্দেশৰ ঘটনা । প্ৰাত:ভ্ৰমণলৈ গৈ সন্ধানহীন এগৰাকী ছাত্ৰ (student goes missing while going for morning walk)। মহকুমাটোৰ টেঙানীত সংঘটিত হৈছে এই ঘটনা । যোৱা ২৭ নৱেম্বৰৰ পৰাই সন্ধানহীন সপ্তমমানৰ ছাত্ৰগৰাকী (Student missing from November 27 at Dhansiri) ।

ছাত্ৰজনৰ নাম নীলমনি দাস । ২৭ নৱেম্বৰত ছাত্ৰজনে প্ৰাত:ভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু ঘৰলৈ উভতি নাহিল ছাত্ৰজন । বহু সময়লৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে নীলমনিক বিচাৰে যদিও আজিলৈ কোনো সন্ধান পোৱা নায় ।

যাৰ বাবে শোকত ভাগি পৰিছে নীলমনিৰ পৰিয়াল । ইতিমধ্যে আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এক এজাহাৰ দাখিল কৰিছে নীলমনিৰ পৰিয়ালৰ লোকে (family person lodges fir at police station) । ইফালে কান্দোনত ভাগি পৰা মাতৃয়েও সংবাদমাধ্যমৰ জৰিয়তে পুত্ৰক ঘৰলৈ আহিবলৈ অনুৰোধ জনাইছে ।

কিন্তু সপ্তম শ্ৰেণীৰ ছাত্ৰ নীলমনি ক'ত গ'ল ? কোনো দুষ্টচক্ৰৰ কৱলত পৰিছে নেকি নীলমনি ? বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে পৰিয়াল তথা ৰাইজৰ মনত । অৱশ্যে আৰক্ষীৰ সঠিক অনুসন্ধানত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য ।

ইফালে নীলমনিৰ কোনো সম্ভেদ পালে পৰিয়ালৰ লোকে দুটাকৈ ফোন নম্বৰৰ জৰিয়তে ৰাইজক জনাবলৈ আহ্বান জনাইছে । ফোন নম্বৰ দুটা হৈছে ৬০০২৭-০৭২৭৬ আৰু ৮৪৫৩৩-৮৬১৬৯ ।

লগতে পঢ়ক :মাজুলীত ব্ৰহ্মপুত্ৰত সন্ধানহীন এজন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.