ETV Bharat / state

গোলাঘাটত সৰ্বত্ৰে লক ডাউনৰ ব্যাপক প্ৰভাৱ - lock down in golaghat district

গোলাঘাট জিলাত কৰ'ণাৰ ক্ৰমৱৰ্ধমান সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে 7 দিনীয়া কঠোৰ লক ডাউন জাৰিৰ কথা ঘোষণা কৰে ৷ শুকুৰবাৰে লক ডাউনৰ দ্বিতীয়টো দিনত জিলাখনৰ দেখিবলৈ পোৱা গ'ল লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ ৷

লক ডাউনৰ ব্যাপক প্ৰভাৱ
লক ডাউনৰ ব্যাপক প্ৰভাৱ
author img

By

Published : Jul 10, 2020, 1:35 PM IST

গোলাঘাট, 10 জুলাইঃ শেহতীয়াকৈ গোলাঘাটত ভয়াৱহভাৱে বৃদ্ধি পোৱা কৰ'ণাৰ সংক্ৰমণে শংকিত কৰি তুলিছে সমগ্ৰ গোলাঘাটবাসীক ৷ কেইদিনমান পূৰ্বে গোলাঘাটৰ এখন ব্যক্তিগত নাৰ্চিং হোমৰ দুগৰাকীকৈ টেকনিচিয়ানৰ দেহত COVID-19 ৰ অৱস্থিতি পোৱাৰ পিচতে,জিলাখনত ক্ৰমান্বয়ে গোলাঘাট নাৰ্চিং হোম, লাইফ লাইন আৰু তাৰ পৰৱৰ্তী সময়ত গোলাঘাটৰ কমাৰবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গণ সংক্ৰমণ হৈছে ৷ এই বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰে, গোলাঘাট বিধানসভা সমষ্টিৰ কোৱাৰেণ্টাইন সমিতিৰ উপাধ্যক্ষ জয়ন্ত গোস্বামীয়ে ৷ সেয়েহে গোলাঘাট জিলা প্ৰশাসনে অতি তৎপৰতাৰে ৰাজ্য চৰাকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশত, 7 দিনীয় পূৰ্ণ পৰ্যায়ৰ কঠোৰ লক ডাউন ঘোষণা কৰে গোলাঘাট জিলাত ৷ পূৰ্বৰ দুয়োবাৰতকৈয়ো যাতে অধিক কঠোৰভাৱে জিলাখনত লক ডাউন হয় সেই বিষয়ে ঘোষণা কৰে গোলাঘাট জিলা প্ৰশাসনে ৷ যাৰ ফলস্বৰূপে জিলাখনৰ সৰ্বত্ৰে ইয়াৰ প্ৰভাৱ পৰিস্ফুট হৈ পৰিছে ৷

গোলাঘাটত সৰ্বত্ৰে লক ডাউনৰ ব্যাপক প্ৰভাৱ

এই লক ডাউনৰ সময়তে গোলাঘাট বাসীলৈ বিশেষ আহ্বান জনায় কোৱাৰেণ্টাইন সমিতিৰ উপাধ্যক্ষ জয়ন্ত গোস্বামীয়ে ৷ তেওঁৰ আহ্বান এই লক ডাউনৰ জৰিয়তে যাতে গোলাঘাটৰ সকলো লোকে গণ সংক্ৰমণৰ শৃংখল ভাঙিবলৈ সক্ষম হয় ৷ লগতে লক্ষণ দেখা নিদিয়াকৈয়ে যিসকল লোক কৰ'ণা মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে, সেইসকল লোকৰ বাবে নিজৰ ঘৰতে আইচ'লেশ্যনৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে জয়ন্ত গোস্বামীয়ে ৷ ৰাজ্য চৰকাৰৰ পৰা অহা নিৰ্দেশনাৰ ভিত্তিত ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে হোম আইচ'লেশ্যনৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে, গোলাঘাট জিলাত অব্যাহত লক ডাউনৰ সময়ছোৱাত গোলাঘাট আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে গোলাঘাটৰ ভিন্ন প্ৰান্তত তহল দি পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সকলো লোককে এই লক ডাউন মানি চলি তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃ কোভিড ব্যৱস্থাপনাৰ বাবে বাংগালুৰুৰ পূৱ জ’ন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.