ধনশিৰি , 14 মে' : সোমবাৰে সন্ধিয়া অহা এজাক ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ধনশিৰি মহকুমাত । ধুমুহাত গাত গছ পৰি আঘাতপ্ৰাপ্ত হয় এজন লোক ৷
পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দিঘলী মাটিখোলা গাঁৱৰ নিবাসী মিলন দেৱনাথ নামৰ ব্যক্তিগৰাকী কৰ্মস্থলীৰ পৰা চাইকেলেৰে উভটি অহাৰ পথতে ধুমুহাত এজোপা ডাঙৰ গছ ভাঙি গাত পৰে ৷ গাত গছ পৰাৰ ফলত মূৰ, পিঠি, কঁকালত আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও দাঁত ভাঙি মূখৰ পৰা ধাৰাসাৰে তেজ ওলাই ব্যক্তি গৰাকীৰ । স্থানীয় লোকৰ সহযোগত ততাতয়াকৈ গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় মিলন দেৱনাথ নামৰ ব্যক্তিগৰাকীক ।
লগতে পঢ়ক : ধুমুহাৰ ফলত মহানগৰীত ব্যাহত বিদ্যুৎ যোগান
ইয়াৰোপৰি ধুমুহাই অঞ্চলটোৰ গছ গছনি ভাঙি নিয়াৰ উপৰিও ঘৰ-দুৱাৰৰো বিস্তৰ ক্ষতিসাধন কৰে ৷ ধুমুহাত বিদ্যুতৰ তাঁৰ ছিঙি ব্যাহত হৈ পৰে বিদ্যুত যোগান ।