ETV Bharat / state

কাৰ্গিল বিজয় দিৱস : পুত্ৰক হেৰুওৱাৰ দুখ আছে যদিও তেওঁৰ বীৰত্বত আজিও আমি সুখী - কাৰ্গিল শ্বহীদ, বীৰ চক্ৰ বিজেতা কেপ্টেইন জিন্টু গগৈ

26 জুলাইত সমগ্ৰ দেশে পালন কৰিব কাৰ্গিল বিজয় দিৱসৰ 21 বৰ্ষপূৰ্তি ৷ চিৰবৈৰী পাকিস্তানৰ সৈতে 1999 চনত কাৰ্গিল ছেক্টৰত হোৱা যুদ্ধত দেশৰ বাবে প্ৰাণ আহুতি দিছিল বহুতেই ৷ এই যুদ্ধত শ্বহীদ হৈছিল এগৰাকী অসমীয়া ৷ আমি ক'ব লৈছো কাৰ্গিল শ্বহীদ, বীৰ চক্ৰ বিজেতা কেপ্টেইন জিন্টু গগৈৰ কথা ৷

author img

By

Published : Jul 26, 2020, 1:06 AM IST

গোলাঘাট, 26 জুলাই : কাৰ্গিল যুদ্ধৰ গৌৰৱ উদযাপনেৰে 26 জুলাই, দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰে বিজয় দিৱস ৷ ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে কৰিছিল এই যুদ্ধ ৷ পাকিস্তানৰ সেনা প্ৰধান জেন. পাৰভেজ মুশ্বাৰফৰ ভাৰত আক্ৰমণৰ বাসনাই সৃষ্টি কৰিছিল এই যুদ্ধৰ ৷ চোৰৰ দৰেই ভাৰতীয় সেনাই এৰি অহা বাংকাৰত আহি খোপনি পুতিছিল পাকিস্তানী সেনাই ৷ পাকিস্তানী সেনাই এই যুদ্ধক কোনোদিনে মানি লোৱা নাছিল যদিও ভাৰতীয় সেনাই প্ৰমাণসহকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিছিল ৷

কেপ্টেইন গগৈৰ স্মৃতিপদ
কেপ্টেইন গগৈৰ স্মৃতিপদ

সেই যুদ্ধতে প্ৰাণ হেৰুৱাইছিল লাচিতৰ তেজেৰে শক্তিশালী এজন অসমীয়া সেনানীয়ে ৷ দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ গৈ কাৰ্গিলৰ উচ্চ শিখৰত প্ৰাণ আহুতি দিছিল 17 গাড়ৱাল ৰেজিমেন্টৰ কেপ্টেইন জিন্টু গগৈয়ে । বৰ্তমান ঘৰত থকা একমাত্ৰ পিতৃ মাতৃৰ বুজ ল'বলৈ কেপ্টেইনৰ বাসগৃহত উপস্থিত হৈছিল আমাৰ সাংবাদিক দিগন্ত চাহু । পুত্ৰৰ স্মৃতি আজিও সজীৱ কৰি ৰাখিছে পিতৃ মাতৃয়ে । জিন্টু গগৈ কেৱল এজন যুঁজাৰু আছিল তেনে নহয়, জিন্টু আছিল এগৰাকী চিত্ৰ শিল্পী আৰু ভাল ফুটবল খেলুৱৈয়ো ।

কেপ্টেইনে অকা এখন চিত্ৰৰ সৈতে মাতৃ
কেপ্টেইনে অকা এখন চিত্ৰৰ সৈতে মাতৃ

1999 চনৰ 2 জুন তাৰিখটো আছিল শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পৰিয়ালৰ এটা বৰ আনন্দৰ দিন । জিন্টু গগৈৰ পিতৃ বায়ুসেনা বিষয়া ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈ আৰু দুই ভগ্নী বিশেষ ৰেলযোগে উপস্থিত হৈছিল দিল্লীত । জিন্টু গগৈয়ে নিজেই পছন্দ কৰা ছোৱালীৰ আঙুঠি পিন্ধাবলৈ । অঞ্জনা পৰাশৰ নামৰ এগৰাকী কন্যাৰ লগত আনুষ্ঠানিকভাৱে আঙুঠি পিন্ধোৱা হৈছিল জিন্টুৰ । সেই দিনটোৱেই আছিল পৰিয়ালৰ সকলো উপস্থিত হোৱা এটা শেষ মূহুৰ্ত । কোনেও জনা নাছিল মাত্ৰ 28টা দিনৰ পিছতেই চিৰদিনৰ বাবে পৰিয়ালৰ পৰা আঁতৰি যাব পৰিয়ালৰ একমাত্ৰ সন্তান জিন্টু । আঙুঠি পিন্ধাই পৰিয়ালৰ লগতে নিজৰ হ'বলগীয়া পত্নীৰ পৰা বিদায় লৈছিল জিন্টু গগৈয়ে । কিয়নো জিন্টু লৈ নিৰ্দেশ আহিছিল শীঘ্ৰে যুদ্ধৰ বাবে যাব লাগে কাৰ্গিললৈ । চিৰবৈৰী পাকিস্তানৰ লগত যুদ্ধত নামি পৰিল জিন্টু ।

জিন্টু গগৈৰ পিতৃ-মাতৃ
জিন্টু গগৈৰ পিতৃ-মাতৃ

অৱশেষত বেয়া খবৰটো আহিল 30 জুন তাৰিখে । গোলাঘাটৰ উপায়ুক্তৰ বিশেষ এটা দলে মৃত্যুৰ বতৰা লৈ উপস্থিত হয় জিন্টু গগৈৰ খুমটাইস্থিত বাসগৃহত । জিন্টুৰ কইনা অহা ঘৰখনলৈ ঘূৰি আহিল জিন্টুৰ নশ্বৰ দেহ । কফিনত আৱদ্ধ জিন্টুৰ নিথৰ দেহে সকলোকে কৰিলে অশ্ৰুসজল ।

কেপ্টেইন গগৈৰ সমাধিস্থলী
কেপ্টেইন গগৈৰ সমাধিস্থলী

কাৰ্গিল যুদ্ধৰ বৰ্তমানে পাৰ হ'ল 21টা বছৰ । 21টা বছৰে পিতৃ মাতৃয়ে ধৰি ৰাখিছে পুত্ৰৰ স্মৃতি । পুত্ৰৰ বস্ত্ৰ, সামৰিক পোছাক, চিত্ৰ সযতনে ৰাখিছে বীৰৰ পিতৃ মাতৃয়ে । কেপ্টেইন জিন্টু গগৈৰ সমাধিত পুৱা গধূলি বন্তি প্ৰজ্জ্বলন কৰে পৰিয়ালৰ লোকে ।

কাৰ্গিল বিজয় দিৱসত কেপ্টেইন জিন্টু গগৈৰ কাহিনী

উল্লেখযোগ্য যে, পুত্ৰৰ পৰাক্ৰম অটুট ৰাখিবলৈ নিজৰ গাঁঠিৰ ধনেৰে 26 জুলাইত কাৰ্গিল বিজয় দিৱস, 30 জুনত জিন্টু গগৈৰ মৃত্যু তিথি উদযাপন কৰি আহিছে পিতৃ মাতৃয়ে । বিশেষকৈ 26 জুলাইত কাৰ্গিল বিজয় দিৱস পৰিয়ালৰ লগতে স্থানীয় জাচিংফা লেখিকা সমাৰোহ সমিতিয়ে নিজেই উদযাপন কৰি আহিছে । চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা পোৱা হোৱা নাই । 2019 বৰ্ষত তেতিয়াৰ গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই প্ৰশাসনৰ তৰফৰ পৰা 2020 বৰ্ষত জিন্টু গগৈ সমাধি ক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হব বুলি ঘোষণা কৰিছিল । কিন্তু এইক্ষেত্ৰত বৰ্তমান উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে দোমোজাত পৰিছে পৰিয়ালৰ লগতে জাচিংফা লেখিকা সমাৰোহ সমিতিয়ে । বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈক লৈ গৌৰৱান্বিত ৰাজ্যৰ লগতে গোলাঘাট জিলা আৰু খুমটাইবাসী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.