গোলাঘাট, ৭ জানুৱাৰী: গোলাঘাটৰ আইটনীয়া মিৰিগাঁৱত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । জনাঞ্চলত বনহস্তীৰ প্ৰৱেশক বাধা দিয়াৰ বাবে আইটনীয়া মিৰিগাঁৱত নিৰ্মাণ কৰা হ'ব সৌৰ ফেন্সিং । বৃহস্পতিবাৰে সৌৰ ফেন্সিং নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বিধায়ক মৃণাল শইকীয়াই । আধাৰশিলা স্থাপন অনুষ্ঠানত বনবিভাগৰ বিষয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
৬ কিঃমিঃ দৈৰ্ঘ্যৰ সৌৰ ফেন্সিং নিৰ্মাণৰ কাম আৰম্ভ হ'ব। দীৰ্ঘ দিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে দুৰ্ভোগ ভুগি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । বন ধ্বংস,খাদ্য সংকট,হাতীৰ বিচৰণস্থলী হ্ৰাস পোৱাৰ ফলত হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰে ।
ফলত জামুগুৰি অঞ্চলৰ প্ৰায় ৪০ খন ৰাজহ গাঁৱৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হয় । এতিয়া হাতী-মানুহৰ সংঘাত ৰোধ বাবে প্ৰকৃতি কৃষক উন্নয়ন সংস্থাৰ উদ্যোগত আৰু গোলাঘাট বন বিভাগৰ সহযোগত নিৰ্মাণ কৰা হ'ব সৌৰ ফেন্সিং । এই কাম সম্পূৰ্ণ হৈ উঠিলে বন্যহস্তীৰ ত্ৰাসৰ পৰা ৰক্ষা পাব বুলি আশা কৰিছে অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক:নতুন কৃষি আইন বাতিলৰ দাবীত বাক্সাত প্ৰতিবাদ