ETV Bharat / state

২৫ বছৰীয়া সাংবাদিকতা জীৱনৰ অৱসান মৰঙীৰ সাংবাদিক অমূল্য দত্তৰ - গোলাঘাট

বৃহস্পতিবাৰে পুৱা দৈগ্ৰোং নাট্য মন্দিৰত গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায় দিয়া হয় সাংবাদিক অমূল্য দত্তক । আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন, গোলাঘাট জিলা সাংবাদিক সংস্থা,সদৌ অসম ছাত্ৰ সন্থা,অসম গণ পৰিষদ আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংবাদিকগৰাকীক

সাংবাদিকতা জীৱনৰ অৱসান মৰঙীৰ সাংবাদিক অমূল্য দত্তৰ
author img

By

Published : May 30, 2019, 4:46 PM IST

গোলাঘাট, 30 মে': বাতৰিৰ সন্ধানত অৰঙে দৰঙে ঢপলিয়াই ফুৰা সাংবাদিক গৰাকীৰ হঠাৎ স্তব্ধ হৈ পৰিল কেমেৰা আৰু কলম। ২৯ তাৰিখে এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাগ চেনেলৰ সাংবাদিক অমূল্য দত্তই। সাংবাদিক অমূল্য দত্ত কেৱল সাংবাদিকতাৰ লগতে জড়িত নহয়,গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল সাংবাদিক গৰাকী।

সাংবাদিকতা জীৱনৰ অৱসান মৰঙীৰ সাংবাদিক অমূল্য দত্তৰ
২৯ মে'ৰ 12.30 বজাত বাতৰিৰ সন্ধানত ব্যস্ত থকাৰ সময়তে ডাম্পাৰ আৰু অমূল্য দত্তৰ স্কুটিৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় সাংবাদিক গৰাকী ৷ ততাতৈয়াকৈ চিকিৎসাৰ বাবে নুমলীগড় শোধনাগাৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় দত্তক । কিন্তু যোৰহাট মহাবিদ্যালয়ত নিয়তিৰ ওচৰত হাৰ মানিলে সাংবাদিক গৰাকীয়ে।

বৃহস্পতিবাৰে পুৱা দৈগ্ৰোং নাট্য মন্দিৰত গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায় দিয়া হয় সাংবাদিক গৰাকীক। আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন, গোলাঘাট জিলা সাংবাদিক সংস্থা,সদৌ অসম ছাত্ৰ সন্থা,সাহিত্য সভা,দৈগ্ৰোং ব্যৱসায় সন্থা,মৰঙী মহাবিদ্যালয়,ভাৰতীয় জনতা পাৰ্টিৰ মৰঙী মণ্ডল, অসম গণ পৰিষদ আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অমূল্য দত্তক ৷ ‘অসমীয়া খবৰ’ কাকতেৰে নিজৰ সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা অমূল্য দত্ত বৰ্তমান ‘দৈনিক অসম’ আৰু ‘প্ৰাগ নিউজ’ৰ সৈতে জড়িত হৈ সক্ৰিয়তাৰে মৰঙীৰ পৰা সংবাদ পৰিৱেশন কৰি আহিছিল। কেৱল সেয়াই নহয় অঞ্চলটোৰ সাংবাদিকতা ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰটো বৰঙণি আগবঢ়াই গৈছে সাংবাদিকগৰাকীয়ে । হঠাৎ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি এক শোকাকূল পৰিৱেশৰ সৃষ্টি হৈছে ৷

আৰু পঢ়কঃ গণিতত কেঁচাসকলৰ বাবে সুখবৰ

Golaghat 30.05.2019
slug : as_glt_reporter death_vis_byte_7205572
O.C. : ২৫ বছৰীয়া সাংবাদিকতাৰ অধ্যায়ৰ অৱসান ঘটিল নুমলীগড়ৰ সাংবাদিক অমূল্য দত্তৰ। বাতৰিৰ সন্ধানত অৰঙে দৰঙে ঢপলিয়াই ফুৰা সাংবাদিক গৰাকীৰ কেমেৰা আৰু কলম স্তব্ধ হৈ পৰিল হঠাৎ। ২৯ তাৰিখে এক পথ দুৰ্ঘটনাত গুৰতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাগ চেনেলৰ সাংবাদিক অমূল্য দত্তয়ে। সাংবাদিক অমূল্য দত্ত কেৱল সাংবাদিকতাৰ লগতে জড়িত নহয়, গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল সাংবাদিক গৰাকী। সাংবাদিক অমূল্য দত্ত অঞ্চলটোৰ আছিল এজন পুৰোধা ব্যক্তি। তেওঁৰ শেষ বিদায়ৰ মূহুৰ্তত অশ্ৰুসিক্ত নয়নে বিদায় দিলে গুণমুগ্ধয়ে।
V.O. : জন্ম ললে মৃত্যু অনিবাৰ্য, শিল্পীৰ কথাৰে মৃত্যু এক 'শিল্প'। সকলোকে কন্দোৱাই নেদেখা জনৰ ওচৰলৈ চিৰ দিনৰ বাবে গুচি গ'ল সাংবাদিক অমূল্য দত্ত। বাতৰিৰ সন্ধানত ২৫টা বসন্ত পাৰ কৰা অমূল্য দত্ত কেৱল নিয়োজিত থাকিল সমাজৰ কামত। শেষৰ সময়খিনিও পাৰ কৰিলে বাতৰিৰ সন্ধানত। কিন্তু হঠাৎ চিৰদিনৰ বাবে থমকি ৰল তেওঁৰ কৰ্মৰাজি। তেতিয়া সময় আছিল ১২:৩০ বজা ২৯ মে'। বাতৰিৰ সন্ধানত ব্যস্ত থকা পৰিক্ৰমাৰ মাজত এটা বেয়া খবৰ, অমূল্য দত্ত আৰু দামফাৰৰ মুখামুখী সংঘৰ্ষ। ততাতৈয়াকৈ সাংবাদিক গৰাকীক চিকিৎসাৰ বাবে নুমলীগড় শোধনাগাৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়, স্বাস্থ্য অধিক অৱনতি ঘটাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু যোৰহাট মহাবিদ্যালয়ত বাতৰিৰ পিছত সদা ব্যস্ত অমূল্য দত্ত নিয়তিৰ ওচৰত হাৰ মানিলে। এই বেয়া বাতৰিটোৱে চুই গ'ল সকলোৰে অন্তৰ। বৃহস্পতিবাৰে পুৱা দৈগ্ৰোং নাট্য মন্দিৰত গুণমুগ্ধৰ উপস্থিতিত বিদায় দিয়া হয় সাংবাদিক গৰাকীক। সকলোয়ে কান্দি উঠিল হুক হুকাই। আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন, গোলাঘাট জিলা সাংবাদিক সংস্থা, সদৌ অসম ছাত্ৰ সন্থা, সাহিত্য সভা, দৈগ্ৰোং ব্যৱসায় সন্থা, মৰঙী মহাবিদ্যালয়, ভাৰতীয় জনতা পাৰ্টী মৰঙী মণ্ডল, অসম গণ পৰিষদ আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত সহকৰ্মী সাংবাদিক সকলে শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত হুক হুকাই কান্দি উঠে। অমূল্য দত্তয়ে ৫০ বছৰ বয়সত এই সংসাৰত এৰি যায় দুগৰাকী কন্যা আৰু পত্নী। ‘অসমীয়া খবৰ’ কাকতেৰে নিজৰ সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা অমূল্য দত্ত বৰ্তমানে ‘দৈনিক অসম’ আৰু ‘প্ৰাগ নিউজ’ৰ স’তে জড়িত হৈ সক্ৰিয়তাৰে নুমলীগড়ৰ সংবাদ পৰিৱেশন কৰি আহিছিল। প্ৰত্যেক দিনৰ দৰে সংবাদ যুগুত কৰি ঘূৰি অহাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱা সাংবাদিক গৰাকী কেৱল সাংবাদিকেই নহয় তেওঁ একাধাৰে লেখক, সম্পাদক, অভিনেতা আৰু সমাজ সংগঠকো আছিল। তেওঁৰ বিভিন্ন বাতৰি কাকত, আলোচনী আদিত নিয়মীয়াকৈয়ে প্ৰবন্ধ প্ৰকাশ পাইছিল। দৈগ্ৰোঙৰ পৰা প্ৰকাশিত পষেকীয়া ‘অসমীয়া প্ৰতিনিধি’ কাকতখনৰ কায্যবাহী সম্পাদক হোৱাৰ লগতে কাকতখনৰ জন্মৰ আঁৰৰ এজন মূল ব্যক্তি আছিল দত্ত। যৌৱন কালত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ মৰঙি আঞ্চলিক সমিতিৰ সম্পাদক, সভাপতি হোৱাৰ উপৰি মহকুমা আৰু জিলা ছাত্ৰ সন্থাৰ হৈয়ো তেওঁ সেৱা আগবঢ়াইছিল। তদুপৰি, তেওঁ আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা মৰঙি প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি, দৈগ্ৰোং শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, দৈগ্ৰোং ৰাজহুৱা নাট্যমন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদক, তৰুণ পুথিভঁৰালৰ সম্পাদক, সেউজীপাৰ নামঘৰৰ প্ৰতিষ্ঠাকালীন সম্পাদক, মৰঙি মহাবিদ্যালয়(কনিষ্ঠ)ৰ পৰিচালনা সমিতিৰ সদস্য, দৈগ্ৰোং শাখা সাহিত্য সভাৰ মুখপত্ৰ ‘ঈন্দ্ৰনীল’ৰ একালৰ সম্পাদক হোৱাৰ উপৰি স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স’তে জড়িত হৈ তেওঁ সমাজৰ হকে নিৰৱিচ্ছিন্নভাৱে কাম কৰি গৈছিল। হঠাৎ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পৰিছে।
Byte 1: ৰোহিত গগৈ, সাধাৰণ সম্পাদক, গোলাঘাট জিলা সাংবাদিক সংস্থা।
Byte 2: নেতা, সংগঠন।
Byte 3: প্ৰদূত মহন্ত, সাংবাদিক, বোকাখাট।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.