নিউজ ডেস্ক, 27 জানুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাং চিকাৰীৰ উপদ্ৰৱ ৷ মঙলবাৰে নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰে চোৰাং চিকাৰীৰ এটা দল ৷ বন বিভাগে এই খবৰ লাভ কৰাৰ পিচতেই অভিযান আৰম্ভ কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ কাৰ্তিকা চাপৰিত চোৰাং চিকাৰীৰ সৈতে মুখামুখি হয় বনকৰ্মীৰ দল ৷
গঁড় হত্যাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰা চোৰাং চিকাৰীৰ দলটোৱে বনকৰ্মীৰ দলটোলৈ বুলি গুলিচালনা কৰে ৷ প্ৰত্যুত্তৰত বনকৰ্মীৰ দলেও চোৰাং চিকাৰীলৈ বুলি গুলিবৰ্ষণ কৰে ৷ অৱশ্যে জংঘলৰ আঁৰ লৈ চোৰাং চিকাৰী দলটো পলাই যাবলৈ সক্ষম হয় ৷ বনকৰ্মীৰ দলে চোৰাং চিকাৰীৰ দলটোৰ সন্ধানত বৰ্তমানে অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: গণৰাজ্য দিৱসৰ দিনাই কামপুৰ চাংচকী পথাৰত অগণন ৰাইজে কি কৰিছে !