ETV Bharat / state

গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ত স্থাপন অ'টোমেটিক চেনিটাইজিং মেচিন

author img

By

Published : May 2, 2020, 10:00 PM IST

গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত স্থাপন অ'টোমেটিক চেনিটাইজিং মেচিন । কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ গোলাঘাট মেহেন্দিপুৰ বালাজি মন্দিৰে প্ৰদান কৰে এই মেচিনটো । প্ৰায় চল্লিছ হাজাৰ টকা মূল্যৰ মেচিনটো সুদুৰ মুম্বাইৰ পৰা আনি স্থাপন কৰা হৈছে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ।

গোলাঘাট
গোলাঘাট উপায়ুক্ত কাৰ্যালয়ত স্থাপন অটোমেটিক চেনিটাইজিং মেচিন

গোলাঘাট, ২ মে': গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ত কৰ্মচাৰী আৰু কাৰ্যালয়লৈ অহা লোকৰ বিশুদ্ধিকৰণ ব্যৱস্থা গ্ৰহণ । সমগ্র বিশ্বত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে । একাংশই কৰ'ণা ভাইৰাছৰ পৰা মুক্তি পাবলৈ বিভিন্নজনক বিনামূলীয়াকৈ প্ৰদান কৰিছে চেনিটাইজাৰ, মাস্ক আদি ।

ঠিক একেদৰে জিলাখনৰ বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ত শনিবাৰে স্থাপন কৰা হয় অ'টোমেটিক চেনিটাইজিং মেচিন । গোলাঘাট মেহেন্দিপুৰ বালাজি মন্দিৰে প্ৰদান কৰে এই মেচিনটো । প্ৰায় চল্লিছ হাজাৰ টকাৰ মূল্যৰ মেচিনটো সুদুৰ মুম্বাইৰ পৰা আনি স্থাপন কৰা হৈছে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সমীপত । উক্ত মেচিনটো গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে ।

মেচিনটো পৰিচালনা কৰিবলৈ কোনো লোকৰ প্ৰয়োজন নহয় । শনিবাৰৰ পৰা কাৰ্যালয়ৰ সমীপত উক্ত মেচিনটোৱে কাৰ্যালয়লৈ অহা কৰ্মচাৰী আৰু সাধাৰণ জনতাক চেনিটাইজ কৰিব । অ'টোমেটিক চেনিটাইজাৰ মেচিন প্ৰদান কৰা সময়ত উপস্থিত থাকে অশোক বাউৰী, মেহেন্দিপুৰ বালাজি মন্দিৰ কৰ্তৃপক্ষৰ লোক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.