সৰুপথাৰ ,7 এপ্ৰিল : হেলিকেপ্টাৰেৰে নহয় 39 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে সৰুপথাৰলৈ আহি দেখুওৱাক ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই প্ৰত্যাহ্বান গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰবাসীৰ ৷ দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে সৰুপথাৰত উপস্থিত হ'ব ৰাজ্যৰ স্বাস্থ্য আৰু গড়কপ্তানী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷
দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত ৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে দুৰৱস্থাৰ বাবে যোগাযোগ আৰু যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগীয়া হৈছে জিলা সদৰ গোলাঘাটকে ধৰি অন্যান্য প্ৰান্তৰ লগতে সৰুপথাৰ তথা ধনশিৰি মহকুমাবাসীয়ে ৷ অসম, নগালেণ্ড , মণিপুৰ আদি ৰাজ্যৰ সংযোগী এই 39 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নতুনকৈ নামাকৰণ কৰা হৈছে 'এচিয়ান হাইৱে নং 1' ৷ ৰাইজৰ অভিযোগ অনুসৰি বিগত কেইদিনমানৰ ভিতৰতে পথটোৰ দুৰৱস্থাৰ বাবে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ অধিকাংশ যান বাহনেই 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল বন্ধ কৰিছে বুলি জনাই স্থানীয় ৰাইজে ৷ সেয়ে ক্ষোভিত ৰাইজে প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰুপথাৰলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰত্যাহ্বান জনায় ৷ ইপিনে 2013 চনতে চনতে অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত স্থাপন কৰা একমাত্ৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়খন আজিকোপতি মুকলি কৰা নহ'ল বুলি অভিযোগ ৰাইজৰ ৷ লগতে স্বাস্থ্য মন্ত্ৰীজনে বিগত দিনবোৰত কেইবাবাৰো চিকিৎসালয়খন মুকলি কৰিবলৈ অহাৰ দিন ঘোষণা কৰিও বাতিল কৰিলে বুলি অভিযোগ দিয়ে ৰাইজে ৷ প্ৰায় 3 বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা চিকিৎসালয়খন এতিয়া প্ৰশাসনে চি আৰ পি এফ বাহিনীৰ অস্থায়ী শিৱিৰ হিচাপে ব্যৱহাৰ কৰে বুলি ৰাইজে জানিব দিয়ে ৷ সেয়ে চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সময় উলিয়াব নোৱাৰা প্ৰভাৱশালী মন্ত্ৰীজনে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ সৰুপথাৰলৈ অহা কাৰ্যক গৰিহণা দিছে একাংশ সাধাৰণ লোকে ৷