ETV Bharat / state

সৰুপথাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Jun 29, 2020, 9:55 PM IST

ধনশিৰি মহকুমাৰ সৰুপথাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল আছু । সৰুপথাৰ শ্বহীদ বেদী সমীপত কৰিলে পুত্তলিকা দাহ ।

সৰুপথাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
সৰুপথাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

সৰুপথাৰ, 29 জুনঃ গোলাঘাটৰ সৰুপথাৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু যোগান মন্ত্ৰী ফণিভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে । শীঘ্ৰেই পেট্ৰ'ল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ দাবী কৰে ছাত্ৰ সংস্থাই ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল আছু

ধনশিৰি মহকুমা ছাত্ৰ সন্থাই অভিযোগ কৰে যে, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিয়ে বেয়াকৈ ক্ষতি কৰিছে সাধাৰণ কৃষকক । খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে ডিজেলৰ মূল্য বৃদ্ধিয়ে কৃষি কৰ্মটো বেয়াকৈ প্ৰভাৱ পেলোৱাৰ অভিযোগ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ । উল্লেখ্য যে, বিগত দিনকেইটাত ধাৰাবাহিকভাৱে পেট্ৰ'ল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ নাগৰিক।

উল্লেখ্য যে, দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত অৰ্থনীতি তচনচ হৈ পৰিছিল । বন্ধ হৈ পৰিছিল ৰাজহ সংগ্ৰহ । সেয়ে এই ঘাটি পূৰণত কিছু সকাহ পাবলৈ চৰকাৰে পেট্ৰ'ল- ডিজেল জাতীয় ইন্ধনৰ ক্ষেত্ৰত অধিক কৰ আৰোপৰ সিদ্ধান্ত লৈছিল । কিন্তু চৰকাৰৰ এই সিন্ধান্তৰ বাবে সকলো সামগ্ৰীৰে পৰিবহণ ব্যয় অধিক হৈ পৰে । যাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পালে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.