ETV Bharat / state

ধনশিৰি মহকুমাৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ - সৰুপথাৰ

ধনশিৰি মহকুমাৰ বিধস্ত হৈ পৰা বাট পথ সমূহ শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত মঙলবাৰে বৰপথাৰ , বিলগাঁও, টেঙানী, গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়৷

ধনশিৰি মহকুমাৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ
author img

By

Published : Aug 27, 2019, 4:28 PM IST

সৰুপথাৰ, 27 আগষ্টঃ ধনশিৰি মহকুমাৰ বাট পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ধনশিৰি মহকুমাবাসীক । বৰপথাৰ উৰিয়ামঘাট ৰেংমা সংযোগী পথ, শিলনীজানৰ পৰা বৰপথাৰ হৈ সৰুপথাৰ সংযোগী পথ, টেঙানী ফৰেষ্ট আলি আৰু ভূজৰ আলি পথ, ঘনশ্যাম বৰুৱা পথ, বৰপথাৰ জামুগুৰি সংযোগী NCC পথৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবীত ছাত্ৰ সন্থাই এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম চৰকাৰ হায় হায়, গড়কাপ্তানি বিভাগ গ' বেক, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি ধ্বনিৰে মুখৰিত হৈ পৰে অঞ্চলটোৰ আকাশ বতাহ | অনাগত দিনত পথসমূহ নিৰ্মাণ নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

ধনশিৰি মহকুমাৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে, এবছৰ পূৰ্বে শিলনীজানৰ পৰা সৰুপথাৰ সংযোগী ১৯ কি মি দূৰত্বৰ পথটো গড়কাপ্তানি বিভাগে CCL নামৰ বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাক ২১ কোটি টকাৰ নিবিদা প্ৰদান কৰিছিল৷ কিন্তু এবছৰ সম্পূৰ্ণ নহওতেই পথটো জহি খহি যোৱাৰ উপক্ৰম হোৱাত শীঘ্ৰেই পথটো পুনৰ নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ।

Intro:ধনশিৰি মহকুমাৰ বিধস্ত হৈ পৰা বাট পথ সমূহ শীঘ্ৰে নিৰ্মান কৰাৰ দাবীত আজি বৰপথাৰ , বিলগাঁও, টেঙানী, গেলাবিল আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ১ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে Body:ধনশিৰি মহকুমাৰ সকলো বাট পথৰ দুৰৱস্হাই বাৰুকৈয়ে জীয়াতু ভোগাই আহিছে ধনশিৰি মহকুমাবাসীক ।   বৰপথাৰ উৰিয়ামঘাট ৰেংমা সংযোগী পথ, শিলনীজানৰ পৰা বৰপথাৰ হৈ সৰুপথাৰ সংযোগী পথ, টেঙানী ফৰেষ্ট আলি আৰু ভূজৰ আলি পথ, ঘনশ্যাম বৰুৱা পথ, বৰপথাৰ জামুগুৰি সংযোগী NCC পথৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবীত ছাত্ৰ সন্হাই ১ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি  ' অসম চৰকাৰ হায় হায়' 'গঢ়কাপ্টানী বিভাগক গ বেক'  ' হিমন্ত বিশ্ব শৰ্মা হায় হায় ' সৰ্বানন্দ সোনোৱাল কাম নাই   ' বিজেপি মূৰ্দাবাদ ' ৰ'জলিনা তিৰ্কী গ বেক.'  ' CCL গ বেক ' আদি ধ্বনিয়ে আকাশ বতাহ মুখৰিত কৰি তোলে |  যদি নিৰ্মাণ নকৰে তেতিয়া অনাগত দিনত ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । এবছৰৰ আগত শিলনীজানৰ পৰা সৰুপথাৰ সংযোগী ১৯ কি মি পথটি গঢ়কাপ্টানী বিভাগে CCL নামৰ বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাটোক ২১ কোটি টকাৰ নিবিদা প্ৰদান কৰিছিল কিন্তু এবছৰ নৌ হওঁতেই পথটি জহি যোৱাৰ উপক্ৰম হৈছে । সেই পথটিও অতি শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ।ইতিমধ্যে অৱৰোধস্থলিত মহকুমাৰ দণ্ডাধীশ আৰু সৰুপথাৰ গঢ়কাপ্টানী বিভাগৰ বিষয়া আহি অতি শীঘ্ৰে পথসমূহ জৰাজীৰ্ণ পথসমূহ মেৰামতি আৰু নিৰ্মাণ কৰা হব বুলি আশ্বাস প্ৰদান কৰে।
Conclusion:Byte  : 1   AASU LEDER
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.