ETV Bharat / state

৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী - ৫৬গৰাকী ছাত্ৰ-ছাত্ৰী

সৰুপথাৰৰ দুই নং বৰহোলা প্ৰাথমিক বিদ্যালয়ত ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে এগৰাকী শিক্ষাৰ্থী, যাৰ বাবে পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে শিক্ষাৰ্থীসকল

৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী
author img

By

Published : Jun 20, 2019, 6:12 PM IST

সৰুপথাৰ,২০জুন : সৰুপথাৰৰ দুই নং বৰহোলা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা। এগৰাকী শিক্ষয়িত্ৰীৰে চলিছে বিদ্যালয়খনৰ পাঠদান। বিদ্যালয়খনত আছে মুঠ ৫৬গৰাকী ছাত্ৰ-ছাত্ৰী। মদ্যপান কৰি পাঠ দান কৰাৰ অভিযোগত প্ৰধান শিক্ষকগৰাকী ছমাহ পূৰ্বে নিলম্বন হোৱাৰ পাছৰে পৰাই এগৰাকী শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰি আহিছে ছাত্ৰ-ছাত্ৰীসকলক । যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছে শিক্ষয়িত্ৰীগৰাকীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল । ইফালে,প্ৰধান শিক্ষকগৰাকী নিলম্বিত হোৱাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ পৰাও বঞ্চিত হ'ব লগা হৈছে ।

৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী

উল্লেখ্য যে,আন্তঃগাঁথনিৰ পৰা পিছপৰি থকা বিদ্যালয়খনৰ শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীক বহুবাৰ জনাই আহিছে যদিও বিষয়াগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ।

Intro:এজনীয়া শিক্ষকৰে চলিছে সৰুপথাৰৰ দুই নং বৰহোলা প্ৰাথমিক বিদ্যালয় | বিদ্যালয় খনত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৫৬ গৰাকী ইয়াৰ বিপৰীতে শিক্ষক এগৰাকী | মদ্যপান কৰি পাঠ দান কৰাৰ অভিযোগত প্ৰধান শিক্ষক গৰাকী ছমাহ পূৰ্বে নিলম্বন হৈছিল | ইয়াৰ পিছৰ পৰা এগৰাকী শিক্ষয়ত্ৰীয়ে বিদ্যালয় খনত (ক) শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠ দান কৰিব লগা হৈছে | যাৰ ফলত বিদ্যালয় খনত ছাত্র ছাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হব লগা হৈছে | Body:প্ৰধান শিক্ষক গৰাকী নিলম্বিত হোৱাৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ আহাৰৰ পৰাও বঞ্চিত হব লগা হৈছে | ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা টিফিন আনি দুপৰীয়া আহাৰ গ্ৰহণ কৰিব লগা হৈছে | বিদ্যালয় খনৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত পিছপৰি আছে | শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীক বাৰম্বাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই |
Conclusion:Byte 1 Teacher
Byte 2 SMC Pre
Byte 3 Student

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.