ETV Bharat / state

গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত এগৰাকী

author img

By

Published : Oct 9, 2020, 7:28 AM IST

বাইক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ থিতাতে নিহত এগৰাকী যুৱতী।

road accident one death at golaghat
গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত এগৰাকী

গোলাঘাট,9 অক্টোবৰঃ বৃহস্পতিবাৰে গোলাঘাটত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এগৰাকী যুৱতী । নিহত যুৱতী গৰাকীৰ নাম ৰাজলেখা ঘোষ (২৭)। উল্লেখযোগ্য যে, পিতৃৰ লগত গোলাঘাটৰ পৰা নিজা ঘৰ ঢেকীয়াল তিনিআলিলৈ AS-05D-2265 নম্বৰৰ বাইকেৰে গৈ থকাৰ সময়ত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।

ইপিনে নিহত ৰাজলেখা ঘোষ আছিল SBI ৰ এগৰাকী কৰ্মচাৰী। আনহাতে পিতৃ ৰবীন ঘোষক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে । জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত হয় গোলাঘাট দেৰগাঁও সংযোগী হেমচন্দ্ৰ গোস্বামী পথৰ ৰহঢলা পথাৰত। পথৰ দাঁতিত ৰখাই থোৱা এখন ডাম্পাৰ পাৰ কৰিবলৈ যাওঁতেই সন্মুখৰ পৰা আহি থকা AS-05C-6929 নম্বৰৰ ডাম্পাৰখনে সন্মুখেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তীব্ৰ বেগী ডাম্পাৰ খনৰ বাবেই সংঘটিত হ'ল এই দুৰ্ঘটনা।

লগতে পঢ়কঃ উত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পথচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.