ETV Bharat / state

আত্মসমৰ্পনকাৰী চোৰাং চিকাৰীয়ে ক’লে এটা গঁড় মাৰিলে ভাগত পাই 2 লাখ - দুৰ্ধৰ্ষ গঁড় চিকাৰীয়ে আত্মসমৰ্পণ

কুখ্যাত চোৰাং চিকাৰী গোলাপ পাটগিৰিৰ আত্মসমৰ্পন ৷ এটা গঁড় মাৰিলে ভাগত পায় দুই লাখ টকা ৷

Rhino procher surrender at Bokakhat
বোকাখাতত আত্মসমৰ্পণ দুৰ্ধৰ্ষ গঁড় চিকাৰীৰ
author img

By

Published : Nov 3, 2021, 6:36 PM IST

বোকাখাত, 3 নৱেম্বৰ : বোকাখাত আৰক্ষী আৰু বনবিভাগৰ ওচৰত বুধবাৰে এটা দুৰ্ধৰ্ষ গঁড় চিকাৰীয়ে আত্মসমৰ্পণ কৰে । মৰিধনশিৰি সন্মিলিত সহযোগী সমিতি(মুখক) আৰু ধোৱাআটি বেলগুৰি গাঁৱৰ ৰাইজৰ সহযোগত আত্মসমৰ্পণ কৰে ২০০৭ চনৰ পৰা পলাতক হৈ আছিল দুৰ্ধৰ্ষ গঁড় চিকাৰী গোলাপ পাটগিৰিয়ে ।

বোকাখাতত আত্মসমৰ্পণ দুৰ্ধৰ্ষ গঁড় চিকাৰীৰ

পাটগিৰিয়ে আত্মসমৰ্পণ কৰা পাছত এটা গঁড় হত্যা কৰিলে ভাগত দুই লাখ টকাকৈ পৰিছিল বুলি স্বীকাৰ কৰে ৷ এসময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অস্থায়ীভাবে কৰ্মৰত হৈ থকা গোলাপ পাটগিৰিক কামৰ পৰা আঁতৰাই দিয়াৰ পিছতে নামি পৰিছিল গঁড় চিকাৰত । ২০০৭ চনত গঁড় হত্যাৰ গোচৰত আটক হোৱা গোলাপ জেলৰ পৰা ওলাই অহাৰ পিছৰে পৰা আৰক্ষী প্ৰশাসনে কাজিৰঙাত গঁড় হত্যা হ’লেই সন্দেহত গোলাপ পাটগিৰিকে বিচাৰি থকাৰ বাবেই তেওঁ পলাই গৈছিল অৰুণাচললৈ ।

গোলাপ পাটগিৰিয়ে দীৰ্ঘদিন ধৰি পলাতক হৈ থকাৰ পাছত বুধবাৰে প্ৰশাসন আৰু ৰাইজৰ সহযোগত বোকাখাতৰ ধোৱাআটি বেলগুৰি গাঁৱত অনুষ্ঠিত ৰাজহুৱা সভাখনত আত্মসমৰ্পণ কৰে ৷ বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংৰক্ষক বিষয়া ৰমেশ কুমাৰ গগৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুবজ্যোতি নাথৰ উপস্থিত থাকে এই সভাত ৷

লগতে পঢ়ক : কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.