ETV Bharat / state

নুমলীগড় তেল শোধনাগাৰ চৌহদত অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ - নুমলীগড় তেলশোধনাগাৰ ব্যক্তিগতকৰণ

নুমলীগড়  তেল শোধনাগাৰটো ব্যক্তিগতকৰণ কৰা হ'ব বুলি যি তথ্য ইতিমধ্যে প্ৰকাশ পাইছে, তাৰেই বিৰোধিতা কৰি শোধনাগাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৰিফাইনেৰী টেংকাৰ সন্থাই ৷ বি পি চি এলত প্ৰায় 62 শতাংশ অংশীদাৰিত্ব আছে নুমলীগড় শোধনাগাৰৰ ৷ যদিহে বি পি চি এলৰ ব্যক্তিগতকৰণ হয়, তেন্তে ব্যক্তিগত মালিকৰ হাতত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে নুমলীগড় শোধনাগাৰ ৷

নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ
author img

By

Published : Oct 11, 2019, 6:59 PM IST

গোলাঘাট,নুমলীগড় ; অক্টোবৰ 11 : ঐতিহাসিক অসম আন্দোলনৰ ফলস্বৰূপে অসম চুক্তিৰ আধাৰত অসমত প্ৰতিষ্ঠা হৈছিল নুমলীগড় তেল শোধনাগাৰ ৷ কিন্তু আজি নুমলীগড় তেলশোধনাগাৰ চৌহদ উত্তাল হ'ল প্ৰতিবাদত ৷ আন্দোলনৰ ফলতে লাভ কৰা শোধনাগাৰটো ৰক্ষাৰ বাবে পুনৰ আন্দোলনত নামিছে ৰিফাইনেৰী টেংকাৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠন ৷

নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ

উল্লেখ্য যে, নুমলীগড় তেল শোধনাগাৰটো ব্যক্তিগতকৰণ কৰা হ'ব বুলি যি তথ্য ইতিমধ্যে প্ৰকাশ পাইছে, তাৰেই বিৰোধিতা কৰি শোধনাগাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৰিফাইনেৰী টেংকাৰ সন্থাই ৷ বি পি চি এলত প্ৰায় 62 শতাংশ অংশীদাৰিত্ব আছে নুমলীগড় শোধনাগাৰৰ ৷ যদিহে বি পি চি এলৰ ব্যক্তিগতকৰণ হয়, তেন্তে ব্যক্তিগত মালিকৰ হাতত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে নুমলীগড় শোধনাগাৰ ৷

অসম আন্দোলনৰ দীঘলীয়া পৰিক্ৰমা আৰু অসমৰ 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত লাভ কৰা নুমলীগড় তেলশোধনাগাৰ ব্যক্তিগতকৰণ হোৱাৰ আশংকাত জাঙুৰ খাই উঠিছে দল-সংগঠন ৷ নুমলীগড় তেলশোধনাগাৰ টেংকাৰ সংস্থাই কোনোপধ্যেই নুমলীগড় তেল শোধনাগাৰক ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব বুলি দাবী তোলে ৷ ইয়াকে লৈ অইল ৰিফাইনেৰী টেংকাৰ সংস্থাৰ বিষয়-ববীয়া, সদস্যই নুমলীগড় তেল শোধনাগাৰৰ চৌহদত SAVE NRL, SAVE BPCL, ভাৰত চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায় আদি বিভিন্ন শ্ল'গানৰে পৰিবেশ উত্তাল কৰি তোলে ৷

Intro:অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় তেল শোধনাগাৰৰ চৌহদত প্ৰতিবাদ। এই প্ৰতিবাদ দৰমহা নতুবা সুবিধাৰ পৰা বঞ্চিত হোৱাৰ বাবে নহয়। এই প্ৰতিবাদ নুমলীগড় শোধনাগাৰক ব্যক্তিগত কৰণ নকৰিবলৈ। নুমলীগড় অইল ৰিফাইনেৰী টেংকাৰ সংস্থাই নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত কৰণৰ পৰা ৰক্ষা কৰিবলৈ শোধনাগাৰৰ চৌহদত এক প্ৰতিবাদ সাব্যস্ত কৰে। বিপিচিএলত প্ৰায় 62 শতাংশ অংশীদাৰত্ব থকা নুমলীগড় শোধনাগাৰ মালিক পক্ষৰ হাতত অৰ্পণৰ আকাংক্ষা প্ৰতিবাদ কাৰীৰ।Body:বি.পি. চি.এল আৰু নুমলীগড় তেল শোধনাগাৰ বিক্ৰী প্ৰসঙ্গ চৰকাৰী ভাৱে প্ৰকাশ পোৱাৰ লগে লগে অনিশ্চয়তা ভুগিছে নুমলীগড় শোধনাগাৰৰ লগত জড়িত কৰ্মচাৰী, ঠিকাদাৰ আৰু টেংকাৰ মালিক সংস্থাই। যদিহে বিপিচিএল ব্যক্তিগত কৰণ হয় তেন্তে প্ৰায় ৬২ শতাংশ অংশীদাৰীত্ব থকা নুমলীগড় তেল শোধনাগাৰো বিক্ৰী হ'ব পাৰে ব্যক্তিগত মালিকৰ হাতত। অসম আন্দোলনৰ দীঘলীয়া এক সংগ্ৰাম আৰু অসমৰ ৮৫৫ জন কেঁচা তেজৰ বিনিময়ত লাভ কৰা নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত কৰণ নকৰিবলৈ প্ৰতিবাদ। ইয়াকে লৈ জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠনৰ লগতে টেংঙ্কাৰ মালিক সন্থায়েও। নুমলীগড় অইল ৰিফাইনেৰী টেংকাৰ সংস্থাৰ দাবী কোনোপধ্যেই নুমলীগড় তেল শোধনাগাৰক ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব। ইয়াকে লৈ অইল ৰিফাইনেৰী টেংকাৰ সংস্থাৰ বিষয়-ববীয়া, সদস্যই নুমলীগড় তেল শোধনাগাৰৰ চৌহদত SAVE NRL, SAVE BPCL, ভাৰত চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী হাই হাই বিভিন্ন শ্ল'গানৰে পৰিবেশ উত্তাল কৰি তোলে।Conclusion:Byte 1: ভাস্কৰ গোহাঁই, নেতা, অইল ৰিফাইনেৰী টেংকাৰ সংস্থা।
গোলাঘাটৰ পৰা দিগন্ত চাহু আৰু চামিম আলিৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.