নিউজ ডেস্ক, ১৮ মাৰ্চ: সোমবাৰে গোলাঘাট পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ ৰাইজে পৌৰসভা কাৰ্যালয় ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তুলিলে কাৰ্যালয়টো । ৫ নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰৰ পথৰ দুৰৱস্থাই ৰাইজক বহু দিন ধৰি জ্বলাকলা খুৱাই আহিছে । এবছৰ পূৰ্বে পথটো নিৰ্মাণৰ বাবে প্ৰায় পাঁচ লাখ টকা আৱণ্টন হৈছিল যদিও আজি পৰ্যন্ত হৈ নুঠিল পথছোৱাৰ কাম । ৰাইজৰ প্ৰতিবাদতহে সম্বিৎ ঘূৰাই পোৱা উপ পৌৰপতি গৰাকীয়ে ঠিকাদাৰক ফোনযোগে ধমক দি পথ নিৰ্মানৰ খবৰ লয় ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গোলাঘাট পৌৰসভাৰ অৱহেলা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে পথছোৱা খৰালি দিনতো হৈ নুঠিল । বাৰিষাত এজাক বৰষুণতে বানপানী সৃষ্টি হোৱাৰো আশংকা কৰিছে অঞ্চলটোৰ ৰাইজে কাৰণ পথ বনোৱাৰ নামত মাটি পেলাই পূৰ্বৰ নলা নৰ্দমা পুতি পেলাইছে ঠিকাদাৰে । উত্তেজিত ৰাইজক উপ পৌৰপতি গৰাকীয়ে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি শাম কাটে।