ETV Bharat / state

গোলাঘাটত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল মন্ত্ৰী অতুল বৰা - protest against CAB at Golaghat

গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ ঘৰৰ সন্মুখত সাব্যস্ত হয় কেব বিৰোধী প্ৰতিবাদ ৷ ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র সন্থাৰ সদস্যসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ কিন্তু ইয়াৰ মাজতে মন্ত্ৰীগৰাকীৰ একাংশ সমৰ্থকে আছুৰ দলটোক দেখি আছুবিৰোধী শ্লোগান দিয়ে ৷

গোলাঘাটৰ ছাত্র সন্থাৰ সদস্য সকলে মন্ত্ৰী বৰাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে
গোলাঘাটত স্বয়ং মন্ত্ৰীৰ ঘৰতে কেব বিৰোধী অভিযান
author img

By

Published : Dec 8, 2019, 6:27 PM IST

Updated : Dec 8, 2019, 7:46 PM IST

গোলাঘাট,8 ডিচেম্বৰঃ গোলাঘাটৰ বেঙেনাখোৱাত দেওবাৰে মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ দল এটাই মন্ত্ৰী বৰাৰ ঘৰ ঘেৰাও কৰি সাব্যস্ত কৰিছিল কেব বিৰোধী প্ৰতিবাদ ৷ কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বলপূৰ্বকভাৱে আঁতৰাই নিয়ে প্ৰতিবাদকাৰীক ।

ঘটনাৰ বিৱৰণী অনুসৰি, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, কেন্দ্ৰীয় সম্পাদক মোবাৰক আলি, গোলাঘাট জিলা সমিতিৰ সম্পাদক সত্যব্ৰত শইকীয়াকে ধৰি মুঠ ১৩ জনক গোলাঘাট আৰক্ষীয়ে আটক কৰে । অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে কৰা মন্তব্যৰ পিছতে জাঙোৰ খাই উঠে দল-সংগঠনসমূহ । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজন ছাত্রনেতাক শীঘ্ৰে মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে সংগঠনটোৱে ।

মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

ইপিনে গোলাঘাট ছাত্র সন্থাৰ সদস্য সকলেও ঘেৰাও কৰে মন্ত্ৰী অতুল বৰাক । ছাত্র সন্থাৰ সদস্যসকলে গোলাঘাটস্থিত অসম গণ পৰিষদৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তদুপৰি মন্ত্ৰী বৰাৰ সন্মুখত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলীয় কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অংশ লবলৈ আহি অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয় মন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে, ছাত্রসন্থাৰ সদস্যসকলে মন্ত্ৰী বৰা আৰু অগপৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ কিন্তু ইয়াৰ মাজতে মন্ত্ৰীগৰাকীৰ একাংশ সমৰ্থকে আছুৰ দলটোক দেখি আছুবিৰোধী শ্লোগান দিয়ে ৷

গোলাঘাটত স্বয়ং মন্ত্ৰীৰ ঘৰতে কেব বিৰোধী অভিযান

লগতে চাওকঃকলিয়াবৰত মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Intro:গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে গটিয়াই মহটিয়াই আতৰাই নিলে প্ৰতিবাদকাৰীক । ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া কেন্দ্ৰীয় সম্পাদক মোবাৰক আলি , গোলাঘাট জিলা সমিতিৰ সম্পাদক সত্যব্ৰত শইকীয়াসহ মুঠ ১৩ জনক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । মন্ত্ৰী অতুল বৰাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে । মন্ত্ৰী বৰাৰ গোলাঘাটৰ বেঙেনাখোৱাত অৱস্থিত ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে । মন্ত্ৰীজনৰ ঘৰৰ সন্মুখত বিভিন্ন শ্লগানেৰে উত্তাল কৰি তুলিছিল পৰিবেশ । অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কৰা মন্তব্যৰ পিছতে অতুল বৰাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে দল সংগঠন সমূহে । গ্ৰেপ্তাৰ কৰা আটাইকেইজন ছাত্র নেতাক শীঘ্ৰে মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে সংগঠনটোৱে ।

Byte 1 : বিদ্যুৎ শইকীয়া ( ছাত্র মুক্তি নেতা )Body:গোলাঘাটত ছাত্র সন্থাই ঘেৰাও কৰিলে মন্ত্ৰী অতুল বৰাক । গোলাঘাট জিলা ছাত্র সন্থাই গোলাঘাটৰ অসম গণ পৰিষদ দলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত । মন্ত্ৰী অতুল বৰাৰ সন্মুখত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ । গোলাঘাটৰ বেঙেনাখোৱাত অৱস্থিত অতুল বৰাৰ ঘৰ ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ঘেৰাও কৰাৰ পিছত ছাত্ৰ সন্থাই অগপৰ কাৰ্যালয়ত ঘেৰাও কৰে মন্ত্ৰী অতুল বৰাক । দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অংশ লবলৈ আহি গৃহ জিলাত এই অভাৱণীয় পৰিস্থিতিৰ সন্মুখীন হয় মন্ত্ৰী অতুল বৰা । উল্লেখ্য অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কৰা মন্তব্যৰ পিছতে অতুল বৰাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দল সংগঠনে । ছাত্র সন্থাই মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে আৰু অগপৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে পৰিবেশ ।
Byte 2 : মনোৱাৰ হুছেইন (আছু নেতা)Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
Last Updated : Dec 8, 2019, 7:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.