গোলাঘাট, 24 ডিচেম্বৰঃ ৰাজ্যত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ ৷ দেশৰ বিভিন্ন প্ৰান্তকে ধৰি ৰাজ্যত এতিয়াও চলি আছে নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ ৷
মঙলবাৰে গোলাঘাটত প্ৰতিবাদত নামি পৰে অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ প্ৰতিবাদকাৰীসকলে ৷ গোলাঘাটৰ গান্ধী মৈদানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি নাগৰিকত্ব সংশোধনী আইন, 2019 বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল প্ৰতিবাদকাৰীয়ে ৷ 5ঘন্টীয়া অনশন কাৰ্যসূচীৰে সাব্যস্ত কৰা এই প্ৰতিবাদত চৰকাৰক জনসাধাৰণৰ আবেগক লৈ নেখেলিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷ অতি শীঘ্ৰেই এই আইন বাতিল কৰিবলৈ আহ্বান জনাই চৰকাৰৰ গাদীৰ পৰা নমাবলৈ বেছি সময় নালাগিব বুলি সকীয়নী প্ৰদান কৰে, প্ৰতিবাদকাৰীসকলে ৷