ETV Bharat / state

গোলাঘাটত সংবাদমেল সম্বোধন মন্ত্ৰী অতুল বৰাৰ - গোলাঘাট প্ৰশাসন

গোলাঘাটত বুধবাৰে মন্ত্ৰী অতুল বৰাৰ সংবাদমেল সম্বোধন । গোলাঘাট প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত কৰ’ণা ভাইৰাছৰ বিষয় সন্দৰ্ভত আলোচনাৰ পূৰ্বে সংবাদমেলখন সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

সংবাদমেল
সংবাদমেল
author img

By

Published : Mar 25, 2020, 10:32 PM IST

গোলাঘাট,25 মাৰ্চঃ গোলাঘাটত বুধবাৰে মন্ত্ৰী অতুল বৰা উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলখনৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত বোকাখাত বিশেষ স্পৰ্শকাতৰ এলেকা বুলি অভিহিত কৰে ৷ বৰাই কাজিৰঙালৈ পৰ্যটকৰ আগমনৰ বাবে বিশেষ স্পৰ্শকাতৰ বুলি অভিহিত কৰিছিল ।

সংবাদমেল সম্বোধন মন্ত্ৰী অতুল বৰাৰ

একেদৰে কৰ’ণা ভাইৰাছ সংক্ৰান্তত সৰুপথাৰতো প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সষ্টম হৈ থকাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । গোলাঘাটত ইতিমধ্য ২৩টা পৰ্যবেক্ষণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । কোনো ব্যক্তি যাতে বহিঃৰাজ্যৰ পৰা আহি পলাই ফুৰিব নোৱাৰে বা স্বাস্থ্য পৰীক্ষা নকৰে সেইসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গোলাঘাট প্ৰশাসনে । ইতিমধ্যে বহিঃৰাজ্যৰ পৰা অহা ২১১৯ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে,ইয়াৰ ভিতৰত ৪৬৮গৰাকী চাহ বাগিচা অঞ্চলৰ । ৪১ টা স্বাস্থ্য বিভাগৰ দলে জিলাখনৰ সকলো কামৰ পৰ্যবেক্ষণ কৰি আছে । বুধবাৰৰ পৰা ৰাইজৰ বাবে শাক-পাচলি আৰু গাখীৰৰ ব্যৱস্থা কৰিব গোলাঘাট প্ৰশাসনে ।

কৰ’ণা ভাইৰাছক লৈ সতৰ্ক

লগতে চাওকঃ লক্ ডাউন : ৰাজ্যজুৰি অচলাৱস্থা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.