ETV Bharat / state

দেওবাৰে ৰাজ্যৰ বিভিন্ন স্থানত শ্বহীদক শ্ৰদ্ধাঞ্জলি - শ্বহীদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাজ্যৰ ভিন্ন স্থানত দেওবাৰে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ নগাঁও আৰু গোলাঘাটতো নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ আত্মাৰ সদ্​গতিৰ অৰ্থে আয়োজন কৰা হয় প্ৰাৰ্থনা সভা ৷

শ্বহীদক শ্ৰদ্ধাঞ্জলী
শ্বহীদক শ্ৰদ্ধাঞ্জলী
author img

By

Published : Jan 12, 2020, 6:37 PM IST

নগাওঁ,12 জানুৱাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদত মৃত্যু হৈছিল পাঁচগৰাকীকৈ লোকৰ ৷ আন্দোলনত মৃত্যু হোৱা শ্বহীদসকললৈ দেওবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে ৷ সেইসূত্ৰে শ্বহীদ ভৱনৰ সমীপত আয়োজন কৰা হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ । উক্ত প্ৰাৰ্থনা সভাত শ্বহীদসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷ লগতে জাতি-ধৰ্ম নিৰ্বিশেষে উপস্থিত ৰাইজে একেমুখে বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনৰ । শ্বহীদৰ কেঁচা তেজৰ মূল্য দিবলৈ সঠিক পথেৰে আন্দোলন আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰাই ।

আয়োজন সৰ্বধৰ্মীয় প্ৰাৰ্থনা

গোলাঘাটঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগতো আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ অনুষ্ঠানটোত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ জৰিয়তে ভকত-বৈষ্ণৱসকলে শ্বহীদসকলৰ আত্মাৰ শান্তি কামনা কৰে । লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি ভৱিষ্যতে আন্দোলন তীব্ৰ হোৱাৰ হুংকাৰ প্ৰদান কৰে ।

শ্বহীদক শ্ৰদ্ধাঞ্জলী

লগতে চাওকঃকেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ অৰ্থে ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ

Intro:কা বিৰোধী আন্দোলনৰ শ্বহীদলৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ পাঁচগৰাকীকৈ শ্বহীদলৈ দেওবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে। নগাওঁ শ্বহীদ ভৱনৰ সমীপত আয়োজন কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ। সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত বিভিন্ন ধৰ্মীয় নীতি অনুসৰি প্ৰাৰ্থনা কৰে পাঁচগৰাকীকৈ শ্বহীদৰ আত্মাৰ সদগতিৰ বাবে। প্ৰাৰ্থনা কৰি সকলো ধৰ্মৰ লোকেই বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনৰ। পাঁচগৰাকীকৈ শ্বহীদৰ কেঁচা তেজৰ মূল্য দিবলৈ সঠিক পথত আন্দোলন আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি দ্বীপমণি বৰাই।
bite-
---------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.