ETV Bharat / state

আছে আঁচনি, নাই জল : প্ৰহসনত প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ জল জীৱন আঁচনি

author img

By

Published : Mar 26, 2022, 3:39 PM IST

ধোঁৱাচাঙত উঠিল প্ৰধানমন্ত্ৰী মোদীৰ স্বপ্নৰ 'জল জীৱন আঁচনি'(Jal Jeevan Mission in Assam) । 'ঘৰ ঘৰ নল', 'হৰ ঘৰ নল' আদি শ্লোগানসমূহ যেন এক প্ৰহসন বোকাখাতত(Poor implementation of Jal Jeevan Scheme in Bokakhat) ।

poor implementation of jal jeevan scheme in Bokakhat
প্ৰহসনত প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ জল জীৱন আঁচনি

বোকাখাত, 26 মাৰ্চ : বোকাখাত জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনৰ অধিকাংশ জল জীৱন আঁচনি বৰ্তমান বিকল হৈ পৰিছে (Jal Jeevan Mission in Assam) । ক’ৰবাত যদি আঁচনি শুভাৰম্ভ কৰা দিনৰ পৰা এমাহলৈ পানী যোগান ধৰিছিল, আন ক’ৰবাত আকৌ শুভাৰম্ভনি হোৱাৰ পিছদিনৰ পৰাই আঁচনিৰ কাৰিকৰী বিজুতি । মুঠতে ৰাইজক পনবন্দী কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ অভিযন্তা-ঠিকাদাৰে কৌশলেৰে ধন চপোৱাৰ বিপৰীতে জল জীৱন আঁচনিখন হৈ পৰিল 'বগা হাতী' ।

স্থানীয় লোক

আনহে নালাগে ভয়াৱহ আৰ্চেনিকে গ্ৰাস কৰা অঞ্চল বুলি চিনাক্ত হোৱা গাঁৱতো জল জীৱন আঁচনিৰ জড়িয়তে বিশুদ্ধ পানীখিনি দিব পৰা নাই বিভাগে । ৰাইজৰ এনে বহু অভিযোগৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল এক অনুসন্ধান ৷ অনুসন্ধানত ওলাই পৰিছিল জোলোঙাৰ মেকুৰী । প্ৰায় ২ কোটি টকীয়া বোকাখাত চিনাকান চাৰিআলি পানী যোগান আঁচনিখনত ওলমি আছে তলা । প্ৰায় ছয়খনকৈ গাঁৱৰ বাসিন্দাক সামৰি লোৱা এই আঁচনিখনত নাই কোনো কৰ্মচাৰী, পানী যোগান ।

অজুহাত মাথো কাৰিকৰী বিজুতি । স্থানীয় লোকৰ অভিযোগ অনুসৰি বোকাখাত সংমণ্ডলৰ মহকুমা বিষয়াকে ধৰি বিভাগটোৰ সংশ্লিষ্ট অভিযন্তাৰ মইমতালিৰ বাবেই এই আঁচনিখন সংস্থাপনৰ পিছৰে পৰা বিকল হৈ আছে ৷

লগতে পঢ়ক : Jal Jeevan Mission in Assam: ২০২৪ চনৰ ভিতৰত 'হৰ ঘৰ জল' ৰাজ্য হোৱাৰ পথত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.