খুমটাই , 21 মে': গোলাঘাট জিলাৰ খুমটাইস্থিত বীৰ শ্বহীদ কেপ্তেইন জিণ্টু গগৈ পথ খুমটাই সমষ্টিৰ এটা ব্যস্ত পথ ৷ কিন্তু এই পথটো বৰ্তমান মৰণফাণ্ডলৈ পৰিণত হৈছে ৷
ধোদৰ আলিৰ পৰা 37নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাই শিক্ষাৰ্থীকে ধৰি সকলো শ্ৰেণীৰ লোকক যমৰ যান্ত্ৰনা ভুগাইছে ৷ পথটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে দৈনিক এই পথটোত সৰু-বৰ দূৰ্ঘটনা সংঘটিত হৈ থাকে বুলি অঞ্চলবাসীয়ে জানিবলৈ দিয়ে ৷ অভিযোগ অনুসৰি এই পথটো মেৰামতিৰ দাবীত ছাত্ৰ সন্থাকে ধৰি বহু কেইটা সংগঠনে আন্দোলন কাৰ্য্যসূচী হাতত লৈছিল যদিও আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইপিনে এই পথটো মেৰামতি নকৰাত , শ্বহীদ গৰাকীৰ মাতৃয়ে দুখ প্ৰকাশ কৰি চৰকাৰক এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷