ETV Bharat / state

গোলাঘাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা...বিপদত ৰাইজ

author img

By

Published : May 4, 2019, 11:39 AM IST

গোলাঘাটত ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰীসদৃশ গাঁত ৷ বিধস্তপথেৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাইজৰ ৷ যি কোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

গোলাঘাট, 4 এপ্ৰিলঃ গোলাঘাট নুমলীগড়ৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপত জ্বলাকলা পথচাৰীৰ ৷ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ মাজেৰেই দৈনিক শ শ যান বাহনৰ অব্যাহত আছে বিপদ সংকুল যাতায়ত ৷ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ ৷ যাৰ ফলতে যি কোনো মুহূৰ্ততে পথচোৱাত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ৷ যিহেতু গোলাঘাটৰ মাজেৰে নুমলীগড়ৰ পৰা দেৰগাঁৱলৈ নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়া গতিত হোৱাৰ বাবে এতিয়া পথচাৰী, যানবাহনৰ চালক-যাত্ৰী, ৰোগী-প্ৰসূতিয়ে দীর্ঘদিনধৰি জ্বলাকলা খাই আহিছে ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

দৈনিক পথচোৱাত সংঘটিত হৈছে সৰু বৰ পথ দুৰ্ঘটনাও। যদিও উজনি-নামনি সংযোগী এই পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত কাণসাৰ নাই চৰকাৰৰ কিম্বা প্ৰশাসনৰ ৷ ইফালে এজাক বৰষুণতে পানীত বুৰ যায় পথটো আৰু বন্ধ হৈ পৰে যাতায়ত। ফলত চৰকাৰী অমনোযোগিতাৰ বাবে হাৰাশাস্তি ভোগ কৰি আহিছে ৰাইজে ৷

Intro:গোলাঘাট নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰীসদৃশ গাঁত । পথৰ বিধস্ত ৰূপে জ্বলাকলা খুৱাইছে ৰাইজক । ভাল পথৰ চিন মোকাম নাই ৰাষ্ট্ৰীয় ঘাইপথত ৷

Body:গোলাঘাট নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথত পুখুৰীসদৃশ গাঁত , যি কোনো মুহূৰ্তত ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ৷ এই দৃশ্য নুমলীগড় 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ । 37 নং ৰাষ্ট্রীয় ঘাইপথৰ বিপদ শংকুল ভাবে এতিয়া অহা যোৱা কৰে দৈনিক শ শ যানবাহন । গোলাঘাট জিলাৰ মাজেৰে নুমলীগড় ৰ পৰা দেৰগাঁৱলৈ নিৰ্মান হৈ থকা চাৰিলেন যুক্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান অতি লেহেমীয়া গতিত হোৱাৰ বাবে এতিয়া ৰাইজ, পথাচাৰী , যানবাহনৰ চালক, যাত্ৰী, ৰোগী-প্ৰসূতি আদিয়ে দীর্ঘদিনে পথছোৱাৰ বাবেই বাৰুকৈয়ে জ্বলাকলা খাই আহিছে । দৈনিক সংঘটিত হৈছে সৰু বৰ পথ দুৰ্ঘটনা ।উজনি আৰু নামনি সংযোগী এইপথটোৰ মেৰামতিৰ নাম গোন্ধ নাই চৰকাৰ প্ৰশাসনৰ । বৃহৎ বৃহৎ পুখুৰী সদৃশ গাত ।ভাল পথৰ চিন মোকাম নাই ৰাষ্ট্ৰীয় ঘাইপথত ৷ ইফালে এজাক বৰষুণতে পানীত বুৰ যায় পথটো আৰু বন্ধ হৈ পৰে যাতায়ত ।।মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ঘোষণাৰ পিছতো কোনো ধৰণৰ মেৰামতি নহল ৰাজ্যৰ ঘাইপথ সমূহৰ । ৰাইজৰ দাবী কেতিয়া ওৰ পৰিব ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ সমস্যাৰ ৷মূখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰিব পাৰিবনে ? ইফালে ঘাইপথৰ কাষতে নিৰ্মান চলি থকা চাৰিলেন যুক্ত পথৰ নিৰ্মান ৰ গতি অতি লেহেমীয়া। ৰাইজৰ প্ৰশ্ন এনেদৰে কেতিয়া সমাপ্ত হব চাৰিলেন যুক্ত পথৰ নিৰ্মাণকাৰ্য ? কেতিয়া ওৰ পৰিব এই ভয়াবহ যাত্ৰাৰ ?Conclusion:Byte 1: পথচাৰী
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ,ETV BHARAT, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.