ETV Bharat / state

গোলাঘাটত ভূমি আৱন্টন পত্ৰৰ বাবে নিৰ্যাতনৰ বলী এগৰাকী মহিলা - নিৰ্যাতিত এগৰাকী মহিলা

গোলাঘাটত আৰক্ষীৰ কাষত এগৰাকী অসহায় মহিলা ৷ নিজৰ লগতে পুত্ৰ কন্যাৰ সুৰক্ষা বিচাৰি গোলাঘাট আৰক্ষীৰ কাষত মহিলাগৰাকী ৷ চৰকাৰীভাৱে আৱন্টন লাভ কৰা এখন ভূমি আৱন্টন পত্ৰৰ বাবেই টার্গেট মহিলা গৰাকী ৷ বর্তমান গোলাঘাটৰ ৰঙাজান তিনিআলিৰ ভূমি আৱন্টনক লৈ সৃষ্টি হৈছে অৰাজকতা ৷

গোলাঘাটত ভূমি আৱন্টন পত্ৰৰ বাবে নিৰ্যাতিত এগৰাকী মহিলা

author img

By

Published : Jan 24, 2021, 9:16 PM IST

গোলাঘাট, 24 জানুৱাৰী : গোলাঘাটত আৰক্ষীৰ কাষত উপস্থিত হৈছে এগৰাকী অসহায় মহিলা ৷ নিজৰ লগতে নিজ পুত্ৰৰ সুৰক্ষা বিচাৰি গোলাঘাট আৰক্ষীৰ কাষ চাপিছে এগৰাকী মহিলা ৷ উল্লেখ্য যে, চৰকাৰীভাৱে আৱন্টন লাভ কৰা এখন ভূমি আৱন্টন পত্ৰৰ বাবেই মহিলা গৰাকী বিভিন্নজনৰ দাবী ধমকিৰ সন্মূখীন হৈছে ৷ বর্তমান গোলাঘাটৰ ৰঙাজান তিনিআলিৰ ভূমি আৱন্টনকলৈ সৃষ্টি হৈছে অৰাজকতা ৷

গোলাঘাটৰ এগৰাকী মহিলাৰ সমস্ত শৰীৰত গুৰুত্বৰ আঘাতৰ চিন ৷ কাৰণ এই স্বামীহীনা মহিলা গৰাকীয়ে লাভ কৰিছিল স্বামীৰ হস্তক্ষ‍েপত থকা এটুকুৰা ভূমিৰ আৱন্টন পত্ৰ ৷ সংগীতা ঘাটোৱাৰৰ মতে তেওঁৰ নামত ৰঙাজান তিনিআলিৰ এডোখৰ ভূমিৰ আৱন্টন পত্ৰ লাভ কৰিছিল সংগীতাই ৷ কিন্তু আৱন্টন পত্ৰ লাভ কৰাৰ পিছতেই একাংশই মহিলা গৰাকীক দাবী ধমকি দিবলৈ আৰম্ভ কৰে ৷

গোলাঘাটত ভূমি আৱন্টন পত্ৰৰ বাবে নিৰ্যাতিত এগৰাকী মহিলা

ইপিনে ইমানতে ক্ষান্ত নাথাকি মহিলাগৰাকীৰ স্বামীৰ ভাতৃ আৰু পিতৃক প্ৰলোভন দি মহিলাগৰাকীৰ পৰা আৱন্টন পত্ৰ কাঢ়ি নিয়াৰ লগতে মহিলা গৰাকীক গুৰুত্বভাৱে ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে‍ ৷

ভূমি আৱন্টন পত্ৰখনৰ বাবে শহুৰ উমেশ ঘাটোৱাৰ, স্বামীৰ ভাতৃৰ অনিল ঘাটোৱাৰ আৰু ৰঙাজানৰ মংগলু ভূঞাই মহিলাগৰাকীক গুৰুত্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ কৰিছে স্বামীহীনা সংগীতা ঘাটোৱাৰে ৷ উক্ত ভূমি পত্ৰখন ৰঙাজানৰে জনৈক বৰা উপাধীৰ এগৰাকী ব্যক্তিয়ে‍ লাভ কৰিবৰ বাবে‍ এই আক্ৰমণ কৰ‍োৱা বুলি মন্তব্য কৰে মহিলা গৰাকীয়ে ৷

উল্লেখ্য যে, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজান তিনিআলি বর্তমান সম্পূর্ণৰূপে বাণিজ্য কেন্দ্ৰৰূপে ৰূপান্তৰিত হোৱাত একাংশই অঞ্চলটোত অৰাজকতা সৃষ্টি কৰিছে ৷ বর্তমান মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়ৰ অন্তর্গত অঞ্চলটোত সাধাৰণ নিচলা লোকক প্ৰলোভন, দাবী ধমকিৰে ভূমি কঢ়াৰ প্ৰতিযোগিতা চলিছে ৷ এইক্ষ‍েত্ৰত জিলা প্ৰশাসনৰ ভূমিকা সম্পূৰ্ণ ‍নিৰৱ পৰিলক্ষিত হৈছে ৷

আনহাতে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৰঙাজান তিনিআলিৰ কাষতে লাগি থকা এটুকুৰা ভূমি উক্ত জনৈক বৰা নামৰ লোকজনে ষড়যন্ত্ৰৰে হস্তক্ষ‍েপ কৰাত উঠি পৰি লাগিছে বুলিও অভিযোগ কৰিছে ৷ প্ৰায় ২ কোটি টকাৰ মূল্যৰ বিবাদিত ভূমিডোখৰ লাভৰ বাবে‍ বৰাই প্ৰলোভন, দাবী ধমকি দিয়াৰ অভিযোগ কৰিছে‍ চাহ মুক্তি স্বতন্ত্ৰই ৷ আনকি একাংশ দল সংগঠন, বিভিন্ন ব্যক্তিক টকা দি বৰাই মুখ বন্ধ কৰাইছে বুলিও অভিযোগ চাহ মুক্তি স্বতন্ত্ৰৰ । বর্তমান ৰঙাজানত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সন্ত্ৰাসজনি‍ত বিষয়টোত জিলা প্ৰশাসন, আৰক্ষী আৰু ৰাজহ মন্ত্ৰী গৰাকীৰ হস্তক্ষ‍েপ বিচাৰিছে চাহ শ্ৰমিক স্বতন্ত্ৰৰ লগতে‍ স্থানীয় লোকে ৷ বৰ্তমান গোলাঘাট প্ৰশাসন আৰু আৰক্ষীয়ে এক নিৰপে‍ক্ষ তদন্ত কৰিলেহে‍ দোষীক উচিত শাস্তি প্ৰদান কৰিব পাৰিব আৰু মহিলা গৰাকীয়ে ন্যায় লাভ কৰিব ৷

লগতে পঢ়ক:নগাঁৱত ভাড়া কোঠালীত চলিছে যৌনতাৰ বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.