গোলাঘাট, 11 এপ্ৰিলঃ গোলাঘাটত সংঘটিত হয় এক শোকাৱহ ঘটনা । বন্যহস্তীৰ গচকত প্ৰাণ গ'ল এজন লোকৰ । শুকুৰবাৰে সন্ধিয়া বকিয়াল খণ্ড বন কাৰ্যলয়ৰ অন্তৰ্গত, গুটিবাৰী অঞ্চলত বন্যহস্তীৰ আক্ৰমণত বুধে গড় নামৰ এজন লোক নিহত হয় । পৰিয়ালৰ লোকৰ সৈতে লোকজনে সন্ধিয়া প্ৰায়, 6.30 বজাত পাছপ'ৰ্ট ফটো তুলিবলৈ ওলাই গৈছিল । সেই সময়তে চাহ বাগিছাৰ মাজত বন্যহস্তীয়ে খেদি খেদি আক্ৰমণ কৰে লোকজনক । জানিব পৰা মতে, অঞ্চলটোত আগৰ পৰাই অৱস্থান কৰি আছিল হাতীৰ এটা বৃহৎ জাকে । কথমপি প্ৰাণ ৰক্ষা পৰে বাকী কেইগৰাকী লোকৰ । ঘটনাস্থলীত বকিয়াল বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়াই, লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃ Covid-19 প্ৰতিৰোধ : শোণিতপুৰত চাহ বাগান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ বৈঠক