ETV Bharat / state

মহিলাৰ কাপোৰ ফালি গ্ৰেপ্তাৰ বিজেপিৰ পালি নেতা !!

মহিলাৰ শ্লীলতা হানিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গোলাঘাটৰ বিজেপি নেতা চন্দ্ৰ লহকৰক ৷

মহিলাৰ শ্লীলতা হানিৰ অভিযোগত গ্ৰেপ্তাৰ
বিজেপি নেতা চন্দ্ৰ লহকৰ
author img

By

Published : Nov 30, 2019, 9:34 AM IST

গোলাঘাট, 30 নৱেম্বৰ : এগৰাকী মহিলাক শ্লীলতা হানি আৰু ধন দাবীৰ অভিযোগত গোলাঘাটৰ ধনশিৰি মহকুমাৰ চুঙাজানৰ বিজেপি নেতা চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ কৰা হৈছে ৷ মহিলাগৰাকীয়ে চুঙাজান আৰক্ষী থানাত অভিযোগ কৰা অনুসৰি, তেওঁক পঞ্চাশ হেজাৰ টকা দাবী কৰাৰ লগতে অশালীন গালি-গালাজ দিয়ে আৰু কাপোৰ ফালি শ্লীলতা হানিৰ চেষ্টা কৰিছিল বিজেপিৰ নেতাগৰাকীয়ে ৷

আনহাতে, পলাতক অৱস্থাত থকা চন্দ্ৰ লহকৰক কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ সহযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে, বিজেপিৰ বহু নেতাৰ সৈতে চন্দ্ৰ লহকৰৰ আছে ঘনিষ্ঠ সম্পৰ্ক ৷

বিজেপি নেতা গ্ৰেপ্তাৰ

বৰ্তমান অভিযোগ উত্থাপন হৈছে যে, একাংশ মন্ত্ৰী, বিজেপি নেতা, উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগত সু-সম্পৰ্ক থকা বুলি দম্ভালি মাৰি ফুৰা এইজন বিজেপি নেতাৰ বিৰুদ্ধে চুঙাজান আৰক্ষীয়ে পূৰ্বে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত আৰক্ষী অধীক্ষকক অৱগত কৰাত ৩৪/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/১০৯/৩৮৭/৩৫৪(বি)/২৯৪/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয় । অৱশেষত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চন্দ্ৰ লহকৰক ।

আৰু পঢ়ক : ৰাজাপাকসাক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি কোবিন্দে

Intro:গোলাঘাটত বি জে পি নেতাক গ্ৰেপ্তাৰ । ধনশিৰি মহকুমাৰ চুঙাজানৰ বিজেপি নেতা চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ । এগৰাকী মহিলাৰ শ্লীনতা হানি আৰু ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ । চুঙাজান আৰক্ষী থানাত এগৰাকী মহিলাই পঞ্চাশ হেজাৰ টকা দাবী কৰাৰ লগতে অশালীন গালি গালাজ কৰি মহিলা গৰাকীৰ গাত হাত দি কাপোৰ ফালি শালীনতা হানিৰ চেষ্টা কৰিছিল বুলি অভিযোগ দাখিল কৰিছিল । পলাতক অৱস্থাত থকা চন্দ্ৰ লহকৰক কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ সহযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰি আছে । পূৰ্বেও ডিমাপুৰত নগা বিদ্ৰোহীয়ে অপহৰণ কৰা বুলি ভুৱা নাটক কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল । বি জে পি বহু নেতা ভি আই পিৰ লগত ঘনিষ্ঠ সম্পৰ্ক এইজন বি জে পি নেতাৰ । একাংশ মন্ত্ৰী, বিজেপি নেতা, উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগত সুসম্পৰ্ক থকা বুলি দম্ভালি মাৰি ফুৰা এইজন পালিনেতাৰ বিৰুদ্ধে ব্যৱস্থা নলয় চুঙাজান আৰক্ষীয়ে । চুঙাজান আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত আৰক্ষী অধীক্ষকক অৱগত কৰাত ৩৪/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/১০৯/৩৮৭/৩৫৪(বি)/২৯৪/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয়।অৱশেষত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চন্দ্ৰ লহকৰ ।Body:Byte 1 : ধনশিৰি মহকুমা (SDPO)Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat ,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.