ETV Bharat / state

যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পত বনভোজকাৰী দলৰ ভিৰ

New year Celebration in Golaghat : ইংৰাজী 2024 বৰ্ষৰ আজি পহিলা দিন ৷ নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দলে ভিৰ কৰিছেহি গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পত ৷

New year Celebration in Golaghat
2024 বৰ্ষৰ আজি পহিলা দিন
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:14 PM IST

2024 বৰ্ষৰ আজি পহিলা দিন

গোলাঘাট, 01 জানুৱাৰী : চাওঁতে চাওঁতে পাৰ হ’ল আৰু এটা বছৰ ৷ 2023 বৰ্ষক বিদায় দি সকলোৱে হাঁহিমুখে আদৰণি জনাইছে 2024 ক ৷ কোনোৱে যদি আপোনজনৰ লগত লগে ভাগে এসাঁজ খাইছে, আন কোনোৱে আকৌ প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ আমেজ লৈছে ৷ ইয়াৰ মাজতে আকৌ ৰাজ্যৰ ভিন্ন বনভোজস্থলীত বনভোজকাৰী দলে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

কি উজনি কি নামনি, সকলোতে স্বাভাৱিকতে বছৰৰ শেষৰ সময়ছোৱাৰ পৰা নতুন বছৰৰ আৰম্ভনিলৈকে বিভিন্ন স্থানত বনভোজকাৰীয়ে প্ৰকৃতিৰ মাজত কিছু সময় কটাব বিচাৰে ৷ ঠিক এনেকুৱা এখন ছবিয়েই দেখা গ’ল গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পত ৷ আজি বছৰৰ প্ৰথমটো দিন ৷ সাধাৰণতে যোগীবাৰীৰ এই গ্ৰাম্য পৰ্যটন প্ৰকল্পত বাৰমাহেই দৰ্শনাৰ্থী বা পৰ্যটক পৰিলক্ষিত হয় ৷ কিন্তু নতুন বছৰৰ কথাই সুকীয়া ৷

পহিলা জানুৱাৰী বা প্ৰথম ব’হাগৰ দিনটোত এনেধৰণৰ পৰ্যটনস্থলীসমূহত বিৰ দি বাট নোপোৱা এক পৰিস্থিতিৰ উদ্ভৱ হয় ৷ আজিও বছৰৰ প্ৰথম দিনটোত এনে এক দৃশ্যই দেখা গ’ল যোগীবাৰীৰ এই প্ৰকল্পত ৷ বহু বনভোজকাৰী দলেৰে আজি ভৰি পৰে এই স্থান ৷

উল্লেখ্য যে, এই পৰ্যটকস্থলী চাফ-চিকুনকৈ ৰখাৰ ক্ষেত্ৰত খুমটাই সমষ্টিৰ স্থানীয় বিধায়ক মৃণাল শইকীয়াই ব্যক্তিগতভাৱে উদ্যোগ গ্ৰহণ কৰি আহিছে ৷ বিধায়ক শইকীয়াই লোৱা এনে পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰে যোৰহাটৰ পৰা পৰিয়ালৰ সৈতে বনভোজ খাবলৈ অহা এজন লোকে । বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা যোগীবাৰী গ্ৰাম্য পৰ্য্যটন প্ৰকল্পৰ পৰিৱেশ আৰু পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত বিধায়ক মৃণাল শইকীয়াই লোৱা পদক্ষেপক বিশেষভাৱে শলাগ লয় বহুজনে ।

নাচি বাগি সকলোৱে আনন্দ ফুৰ্তিৰ মাজেৰে এই স্থানত আজি এসাঁজ খোৱা দেখা পোৱা গৈছে ৷ গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত পৰিভ্ৰমী চৰাইৰ কোলাহলত আনন্দ ফুৰ্তিৰ মাজেৰে এসাঁজ খোৱাৰ লগতে গীত গাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷ হাঁহে মাহে এসাঁজ পৰিয়ালৰ সৈতে খাই সকলোৱে নতুন বছৰক আদৰিছে নতুন বৰ্ষক ৷

আনহাতে, কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নাচি বাগি আনন্দত মতলিয়া হৈ পৰে ৷ মুঠতে নৱবৰ্ষৰ প্ৰথম দিনটোত এইদৰে আনন্দ ফুৰ্তিৰ মাজেৰে পৰিয়ালৰ লগতে লগৰ সমনীয়াৰ লগত এসাঁজ খোৱাৰ মাদকতা আৰু আনন্দই যেন সুকীয়া ৷

লগতে পঢ়ক : নৱবৰ্ষক আদৰিবলৈ সাজু ৰাজ্যবাসী; বনভোজস্থলীত বনভোজকাৰীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.