ETV Bharat / state

বৃহৎ নদী বান্ধ সম্পৰ্কত কি ক’লে KMSS ৰ নতুন সাধাৰণ সম্পাদকে ?

author img

By

Published : Aug 26, 2021, 8:37 PM IST

চৰকাৰে ৰাজ্যবাসীক ক’ভিডৰ সময়ত গৃহবন্দী কৰি NHPC ক গোপনে নদী বান্ধ নিৰ্মাণ চলাই ৰখাৰ সুযোগ দিয়াৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ ৷ বৃহস্পতিবাৰে এই সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে কৃষক নেতা গৰাকীয়ে ৷

new-general-secratary-of-kmss-reacts-on-big-dam
বৃহৎ নদী বান্ধ সম্পৰ্কত কি ক’লে KMSS ৰ নতুন সাধাৰণ সম্পাদকে ?

ডেৰগাঁও, 26 আগষ্ট : বৃহস্পতিবাৰে দেৰগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক উষ্ম আদৰণি জনালে গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । এই অভিনন্দন গ্ৰহণ কৰি নৱনিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকীয়ে ৰাইজৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আপোচবিহীন ভাৱে সংগ্ৰাম অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে বৃহৎ নদীবান্ধ সন্দৰ্ভত কেতবোৰ গুৰুতৰ মন্তব্য কৰে সংগঠনটোৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকীয়ে ৷

অসমৰ ৰাইজক ক’ভিডৰ সুযোগ লৈ গৃহবন্দী কৰি চৰকাৰে গোপনে নদী বান্ধ নিৰ্মাণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷ এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে পুনৰ আন্দোলন তীব্ৰতৰ হোৱাৰো হুংকাৰ প্ৰদান কৰে বিদ্যুৎ শইকীয়াই । তেওঁ কয় যে, কোনো প্ৰকাৰেই এই নদীবান্ধ কাৰ্যক্ষম হৈ উঠিবলৈ দিয়া নহ’ব ৷

সেউজ ন্যায়াধীকৰণৰ গোচৰৰ ভিত্তিত নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰা হৈছিল যদিও কা-আন্দোলন অথবা ক’ভিড মহামাৰীৰ সময়তে ৰাইজৰ অগোচৰে গোপনে এই নদীবান্ধ নিৰ্মাণৰ কাম চলি আছে বুলিও অভিযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS)ৰ নৱ-নিৰ্বাচিত সম্পাদক গৰাকীয়ে ৷ ৰাজ্যবাসীক গৃহবন্দী কৰি থৈ গোপনে এন এইছ পি ছি(NHPC)ক নদীবান্ধ নিৰ্মাণৰ কাম চলাই থাকিবলৈ সুযোগ দিয়া বুলিও অভিযোগ কৰে শইকীয়াই ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ কেন্দ্ৰীয় ৰাজ্যিক শক্তি মন্ত্ৰীয়ে গোগামুখত বাহৰ পাতি থাকি নদীবান্ধ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া মাথো আনুষ্ঠানিকতা হে বাকী বুলি কৰা ঘোষণাৰো তীব্ৰ বিৰোধ কৰে কৃষক নেতা গৰাকীয়ে ৷ এই নদী বান্ধ নিৰ্মাণ কোনো কাৰণতে হ’বলৈ নিদিও বুলি মন্তব্য কৰি অধিক সজাগতা বৃদ্ধি কৰি তীব্ৰভাৱে ইয়াৰ বিৰোধ কৰা হ’ব বুলিও হুংকাৰ প্ৰদান কৰে শইকীয়াই ৷

লগতে পঢ়ক : ষাঠি কোটি ভেকছিন প্ৰদানেৰে অভিলেখ গঢ়িলে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.