খুমটাই, 28 ফেব্ৰুৱাৰীঃ দিল্লীৰ হিংসাত্মক ঘটনাৰ বাবে বিজেপিক জগৰীয়া বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ বিজেপিৰ হাতত আৰক্ষী প্ৰশাসন থকাৰ পিছতো কিয় এই ঘটনা সংঘটিত হ’ল সেইয়া ডাঙৰ প্ৰশ্ন উল্লেখ কৰে গৌৰৱ গগৈয়ে ৷ বিজেপিৰ হাতত আৰক্ষী প্ৰশাসন থকাৰ পিছতো দিল্লীৰ কাণ্ড গৃহমন্ত্ৰীৰ ব্যৰ্থতা বুলি সাংসদগৰাকীয়ে অভিহিত কৰে ৷ শুকুৰবাৰে খুমটাইত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ দৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা পুথিভঁৰালৰ উন্মোচন অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰে সংসদগৰাকীয়ে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ সহ ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল ৷
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক পুতলা আখ্যা দি কয় যে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ ৰিমটত চলে সৰ্বানন্দ সোণোৱাল৷ উক্ত অনুষ্ঠানতে 2021ৰ নিৰ্বাচনৰ লৈ কংগ্ৰেছ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ নতুন ৰাজনৈতিক দল গঠন হ’লে স্বাগতম জনাব বুলিও সদৰী কৰে সাংসদ গৰাকীয়ে ৷
আৰু পঢ়কঃ যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে