ETV Bharat / state

কিহৰ বাবে লুৰিণ-অখিলৰ সঁহাৰি বিচাৰিলে গৌৰৱ গগৈয়ে ? - MP Gaurav Gogoi invite Akhil Gogoi and Lurinjyoti Gogoi to Congress

গোলাঘাট জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি দাদু টায়েক আদৰণি জনোৱা অনুষ্ঠানত অংশগ্ৰণ কৰি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈলৈ বিশেষ আহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে ৷ নেতা দুগৰাকীৰ সঁহাৰিলৈ বাট চাইছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ কিন্তু কিহৰ বাবে দুই গগৈলৈ আহ্বান জনাইছে গৌৰৱ গগৈয়ে ?

mp-gaurav-gogoi-invite-akhil-gogoi-and-lurinjyoti-gogoi-to-congress
কিহৰ বাবে লুৰিণ-অখিলৰ সঁহাৰি বিচাৰিলে গৌৰৱ গগৈয়ে ?
author img

By

Published : Jan 30, 2021, 10:27 PM IST

গোলাঘাট,30 জানুৱাৰী: কংগ্ৰেছৰ বাইক ৰেলীত কংগ্ৰেছ পতাকাৰ তলত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক একেলগে বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ দুয়ো গৰাকী নেতাকে কংগ্ৰেছৰ সতে মহাজোঁটত চামিল হবলৈ আহ্বান সাংসদ গৌৰৱ গগৈৰ ৷ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই দুয়ো গৰাকী নেতাকে অসমৰ ৰাইজে কংগ্ৰেছ দলৰ সতে একেলগে বিচাৰে বুলি মন্তব্য কৰি যদিহে নেতা দুগৰাকী কংগ্ৰেছৰ পতাকাৰ তললৈ আহে তেনেহলে অসমত কোনো বিৰোধী শক্তিয়ে ৰখাব নোৱাৰে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

কিহৰ বাবে লুৰিণ-অখিলৰ সঁহাৰি বিচাৰিলে গৌৰৱ গগৈয়ে ?

উল্লেখ্য যে,শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি দাদু টায়েক আদৰণি জনোৱা অনুষ্ঠানত অংশগ্ৰণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ লগতে অসমত এতিয়া কংগ্ৰেছ প্ৰতি জনতাৰ সঁহাৰি যথেষ্ঠ ভাল বুলি মন্তব্য কৰি আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰিছে সাংসদ গৰাকীয়ে ৷

আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ

উজনি-নামনি সকলোতে কংগ্ৰেছৰ স্থিতি যথেষ্ট ভাল বুলি মন্তব্য কৰি বিজেপিয়ে উজনি-নামনি ভাগ কৰা অসম খন কংগ্ৰেছৰ বাবে এখনেই বৰ অসম বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়কঃ কেৱল ভোটৰ বাবেই ১৭ হাজাৰ কোটি টকাৰ হিতাধিকাৰী ৰাজনীতি শাসকীয় চৰকাৰৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.