ETV Bharat / state

উৰণ সেতু নিৰ্মাণৰ আঁৰত মুখ্যমন্ত্ৰীৰ আছে ঘৰুৱা এজেণ্ডা- পুনৰ গৌৰৱ গগৈৰ চোকা আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:37 PM IST

Updated : Dec 1, 2023, 7:55 PM IST

গোলাঘাটত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ ৷ 10 কোটিটকীয়া ৰাজসাহাৰ্য বিতৰ্কৰ পিছত পুনৰ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে ৷ উৰণ সেতু আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মাজত সংযোগ বিচাৰি উলিয়াইছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷ বিতংকৈ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন--

MP Gaurav GOGOI criticise assam CM over Fly over making policy
গোলাঘাটত সাংসদ গৌৰৱ গগৈ
গোলাঘাটত সাংসদ গৌৰৱ গগৈ

গুৱাহাটী, 1 ডিচেম্বৰ: “ফ্লাই অভাৰ নিৰ্মাণ হ'লেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাগানৰ সংখ্যা বৃদ্ধি পায়”— ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এইদৰেই আক্ৰমণ কৰিলে সাংসদ তথা কংগ্ৰেছ দলৰ উপ দলপতি গৌৰৱ গগৈৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ 10 কোটিটকীয়া ৰাজসাহাৰ্য বিতৰ্কৰ পিছত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ।

গোলাঘাটত বৃহস্পতিবাৰৰ সন্ধিয়া গৌৰৱ গগৈয়ে এখন সভাত ভাষণ প্ৰদান কৰি আগবঢ়ায় তাৎপৰ্যপূৰ্ণ মন্তব্য, “ফ্লাই অভাৰৰ নিৰ্মাণ হ'লেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাগানৰ সংখ্যা বৃদ্ধি পায় ৷" উল্লেখ্য যে, গুৱাহাটীৰ যান-জঁট নোহোৱা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে নিৰ্মাণ কৰিছে এখনৰ পিচত আন এখন ফ্লাই অভাৰ । কিছুদিন পূৰ্বে গুৱাহাটীত মুকলি কৰা হৈছে 420 কোটি টকা আৰু 316 কোটি টকা ব্যয়সাপেক্ষে ক্ৰমে মালিগাঁৱৰ উৰণ সেতু আৰু জু-ৰোড উৰণ সেতুখন । 127 কোটি টকাৰে চুপাৰ মাৰ্কেটত নিৰ্মাণ কৰি উলিওৱা হৈছে আন এখন উৰণ সেতু ।

853 কোটি টকাৰে বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ আন এখন ফ্লাইঅভাৰৰ কাম ৷ জনসাধাৰণৰ উপযোগী হোৱাকৈ সেতুবোৰ প্ৰস্তুত কৰা বুলি ৰাজ্য চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে এই কামৰ বাবেই এতিয়া মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰিছে কংগ্ৰেছ দলে ৷ উৰণ সেতু আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মাজত সংযোগ বিচাৰি উলিয়াইছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷

কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাৰ এনিমেল কৰিড’ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ তৰফৰ পৰা এখন বিলাসী ৰিজ'ৰ্ট নিমাণ কৰাৰো অভিযোগ উত্থাপন হৈছিল কিছুদিন পূৰ্বে । ইফালে লাহে ৰাজহুৱা চৰ্চা হৈছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে শেহতীয়াকৈ চাহ বাগিচাৰ ব্যৱসায়তো হাত দিছে ৷ কাজিৰঙা, গোলাঘাট, তিনিচুকীয়াকে ধৰি কেইবাটাও স্থানত মুখ্যমন্ত্ৰীৰ পৰিয়ালে চাহ বাগিচা ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে সময়ে-সময়ে ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেইবাখনো চাহ বাগিচা ক্ৰয় কৰাৰ খবৰে ৰাজ্যৰ ৰাজনৈতিক লাভ কৰিছে বিশেষ চৰ্চা ।

শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈৱে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ চাহ বাগিছাৰ ব্যৱসায় আৰু ফ্লাইঅভাৰৰ মাজত সম্পৰ্ক বিচাৰি পাইছে ৷ পিছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অনা সাংসদগৰাকীৰ বিস্ফোৰক অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়াহে হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Assam CM wife vs MP Gaurav Gogoi : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে

Last Updated : Dec 1, 2023, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.