গোলাঘাট, 5 মাৰ্চ: গোলাঘাটত দিনদুপৰতে চিলনী চোৰৰ ত্ৰাস । গোলাঘাটৰ হাস্পতাল ৰোডৰ এছবিআই জীৱন বীমাৰ গ্ৰাহকৰ পৰা ডেৰ লাখ টকা লৈ উধাও হ‘ল দুই হেলমেট পৰিহিত চিলনী চোৰ । গোলাঘাট কমাৰগাঁও সোনালী সোণোৱাল নামৰ গ্ৰাহকগৰাকীয়ে এছবিআই গোলাঘাট শাখা বেংকৰ পৰা উলিয়াইছিল ডেৰ লাখ টকা ।

গোলাঘাট আৰক্ষী থানাৰ সন্মুখৰ বেংকৰ পৰা ডেৰ লাখ টকা লৈ খোজকাঢ়ি গোলাঘাট হাস্পতাল ৰোডৰ এছবিআই জীৱন বীমাত জমা দিবলৈ আহিছিল । গ্ৰাহকগৰাকীয়ে পথেৰে খোজকাঢ়ি আহোতেই দুই বাইক আৰোহীয়ে সোনালী সোণোৱালৰ হাতৰ পৰা থপিয়াই লৈ গ’ল টকাখিনি । এটা হেণ্ড বেগৰ ভিতৰত আছিল টকাখিনি । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: ওলমি ৰৈছে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা