ETV Bharat / state

অমিতা চুৰিৰ সন্দেহতেই ৰাইজে হত্যা কৰিলে এজনক

অমিতা চুৰিৰ কাৰনে ৰাইজৰ মাজত চলা বিচাৰ পক্ৰিয়াৰ মাজতে একাংশ লোক উম্মত্ত হৈ পৰে আৰু চুৰিৰ গোচৰত অভিযুক্ত লোক এজনক নিৰ্মম ভাৱে প্ৰহাৰ কৰে ৷ এই প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় হেমকান্ত সোণোৱালৰ ৷

অমিতা চুৰি কৰাৰ বাবেই ৰাইজে হত্যা কৰিলে এজনক

author img

By

Published : Aug 14, 2020, 7:19 PM IST

গোলাঘাট, 14 আগষ্টঃ অমিতা চুৰিৰ অপৰাধতেই গণ প্ৰহাৰত প্ৰাণ গ’ল এজন লোকৰ ৷ মাতৃ,পত্নী,কণমানি কন্যাৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা কৰিলে যুৱক জনক ৷ মেৰাপানীৰ কাছমাৰীত সংঘটিত হৈছে এই বেদনাদায়ক ঘটনা ৷

অমিতা চুৰিৰ সন্দেহতেই ৰাইজে হত্যা কৰিলে এজনক

তথ্য অনুসৰি কাছমাৰী হাতীয়েখোৱাৰ দীন শইকীয়া নামৰ এজন ব্যক্তিয়ে ঘৰৰ পৰা অমিতা চুৰ কৰা বুলি মাজগাঁৱৰ পৱন ফুকন আৰু হেমকান্ত সোণোৱাল (বাবু) নামৰ দুজন লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিযোগ উত্থাপন কৰে ৷ তাৰ ভিত্তিতে গাঁৱতে বৃহস্পতিবাৰে বিয়লি হাতীয়েখোৱা নামঘৰৰ সন্মুখত এখন বিচাৰ অনুষ্ঠিত কৰে৷ এই বিচাৰতে একাংশ লোকে অমানবীয়তাৰ সকলো সীমা অতিক্ৰম কৰি মাতৃ, পত্নী আৰু দুই কণমানি কন্যাৰ সন্মুখতে হেমকান্ত সোণোৱালক প্ৰচণ্ড মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে ৷

মাতৃয়ে উন্মত্ত হৈ পৰা লোকসকলৰ কৱলৰ পৰা কোনোমতে উদ্ধাৰ কৰি কাছমাৰীত প্ৰাথমিক চিকিৎসা কৰাই যদিও সন্ধিয়ালৈকে হেমকান্তই ঘৰতে মৃত্যুক সাৱটি লয় ৷

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে মাতৃয়ে মেৰাপানী আৰক্ষী থানাত কেবাজনো লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু মেৰাপানী আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে৷

লগতে পঢ়কঃ সন্মুখত স্বাধীনতা দিৱসঃকটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.