কাজিৰঙা,15 জুলাইঃ বিগত কেইবাদিনো ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ বুজ লয় জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে উদ্যানখন পৰিদৰ্শন কৰাৰ লগতে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ উল্লেখযোগ্য যে,বানৰ কৱলত পৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাত উজনি-নামনিৰ যাত্ৰীবাহী বাহনৰ যাতায়ত বন্ধ হৈ পৰে ৷ ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে-লগে হাতীমূৰা-কুকুৰাকটা মথাউৰিৰ ছিগা অংশৰে পানী বাগৰিছে বুলি বিভিন্ন উৰা বাতৰি প্ৰচাৰ হোৱাত শংকিত হৈ পৰিছে কলীয়াবৰবাসী ৷ আনহাতে জল সম্পদ বিভাগে হাতীমূৰা-কুকুৰাকটা মথাউৰি সম্পূৰ্ণ সুৰক্ষিত বুলি জানিবলৈ দি ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাইছে ।
জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বান পৰিস্থিতি পৰিদৰ্শন - সংবাদ মেল
সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে
কাজিৰঙা,15 জুলাইঃ বিগত কেইবাদিনো ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ বুজ লয় জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে উদ্যানখন পৰিদৰ্শন কৰাৰ লগতে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ উল্লেখযোগ্য যে,বানৰ কৱলত পৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাত উজনি-নামনিৰ যাত্ৰীবাহী বাহনৰ যাতায়ত বন্ধ হৈ পৰে ৷ ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে-লগে হাতীমূৰা-কুকুৰাকটা মথাউৰিৰ ছিগা অংশৰে পানী বাগৰিছে বুলি বিভিন্ন উৰা বাতৰি প্ৰচাৰ হোৱাত শংকিত হৈ পৰিছে কলীয়াবৰবাসী ৷ আনহাতে জল সম্পদ বিভাগে হাতীমূৰা-কুকুৰাকটা মথাউৰি সম্পূৰ্ণ সুৰক্ষিত বুলি জানিবলৈ দি ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাইছে ।
বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীয়ে
শঙ্কিত কলিয়াবৰবাসীক অভয় দানৰ উদ্দেশ্যে জল সম্পদ মন্ত্ৰীৰ প্ৰেছ মেলBody:জল সম্পদ মন্ত্ৰীৰ কজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন
বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীয়ে
বানৰ কৱলত ৩৭ নং ৰাষ্ট্ৰীয় পথ, উজনি-নামনিৰ যাত্ৰীবাহী বাহনৰ যাতায়ত বন্ধ
শঙ্কিত কলিয়াবৰবাসীক অভয় দানৰ উদ্দেশ্যে জল সম্পদ মন্ত্ৰীৰ সংবাদ মেল।
বিয়লি তিন বজাত কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ত অনুষ্ঠিত হ'ব এই মেল
হাতীমূৰা-কুকুৰাকটা মথাউৰি সম্পূৰ্ণ সুৰক্ষিত – জল সম্পদ বিভাগ
যোৱা ২০১৭ৰ আগষ্টত ছিঙিছিল কলংমুখৰ ব্ৰহ্মপুত্ৰৰ মথাউৰি
প্ৰায় সোতৰ কোটি টকা ব্যয় সাপেক্ষে ছিঙা স্থান মেৰামতি আৰু শক্তিশালী কৰা হৈছিল মথাউৰিটো
ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে-লগে মথাউৰিটোৰ ভঙা স্থানেৰে নিগৰিছে পানী
পানী নিগৰাক লৈ বিভিন্ন উৰা বাতৰি প্ৰচাৰে কলিয়াবৰীয়াক কৰিছে শঙ্কিত
ব্ৰহ্মপুত্ৰৰ পানী বৰ্তমান স্থিৰConclusion:visuals